বান পৰিদৰ্শনৰ সময়তে বিষাক্ত সাপৰ দংশন পঞ্জাৱৰ শিক্ষামন্ত্ৰী হৰজোৎ সিং বেইনছক। যাৰ বাবে তেওঁক হাস্পতালত ভৰ্তি কৰোৱা হয়। বেইনছে সামাজিক মাধ্যমত বিষাক্ত সাপৰ দংশনৰ কথা অৱগত কৰি দুখন ফটো শ্বেয়াৰ কৰে। তেওঁ লগতে জনায় যে ১৫ আগষ্টত সংঘটিত হয় এই ঘটনা।
শিক্ষামন্ত্ৰী হৰজোৎ সিং বেইনছে সৰ্প দংশনৰ বিষয়ে শ্বেয়াৰ কৰি লিখিছে, “ভগৱানৰ কৃপাত মোৰ সমষ্টি শ্ৰী আনন্দপুৰ চাহাবৰ বান পৰিস্থিতি এতিয়া উন্নত হৈছে। উদ্ধাৰ অভিযানৰ সময়ত মোক বিষাক্ত সাপে দংশন কৰে। ১৫ আগষ্টৰ নিশা এই ঘটনা ঘটে। কিন্তু এই ঘটনাই মোৰ লোকসকলক সহায় কৰাৰ সংকল্পক বাধা দিব নোৱাৰিলে। ঈশ্বৰৰ কৃপা আৰু মানুহৰ মৰম আৰু আশীৰ্বাদত মই এতিয়া ভালেই আছো।”
শুকুৰবাৰে পং আৰু ভকৰা বান্ধৰ পৰা পানীৰ নিৰ্গমন হ্ৰাস পোৱাৰ পিছতো বানে বিয়াছ আৰু ছাটলেজ নদীৰ কাষত ধ্বংসলীলাৰ সৃষ্টি কৰে।
সেনা, এন ডি আৰ এফ, বি এছ এফ, আৰু স্থানীয় কৰ্তৃপক্ষৰ সংহত প্ৰচেষ্টাত ১৭০০ৰো অধিক ব্যক্তিক নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰা হয়।
উদ্বৃত্ত পানী এৰি দিয়াৰ ফলত গুৰদাসপুৰৰ প্ৰায় ৯০খন আৰু তৰ্ণ তৰণ জিলাৰ ৩৯খন গাঁৱত বানপানীৰ প্ৰভাৱ পৰে।