বাকাৰ্ডিয়ে আগবঢ়াইছে ‘লিগেচী’, ভাৰতৰ প্ৰথম মেড-ইন-ইণ্ডিয়া হুইস্কি

ভাৰততে প্ৰস্তুত কৰা ‘লিগেচী’ মুকলি কৰি হুইস্কি ছেগমেণ্টত প্ৰৱেশৰ কথা ঘোষণা কৰিছে বাকাৰ্ডিয়ে, যি হৈছে এলকো-বেভ জায়েণ্টৰ প্ৰথমবাৰৰ বাবে নিৰ্মিত হুইস্কি উদ্ভাৱন। বাকাৰ্ডিয়ে ভাৰতৰ দ্ৰুতগতিত বৰ্ধিত বজাৰত বিনিয়োগ কৰিছে, অসমতো লিগেচী প্ৰিমিয়াম ইণ্ডিয়ান হুইস্কি প্ৰৱৰ্তন কৰিছে। এই প্ৰিমিয়াম স্পিৰিটে ভাৰতৰ সংস্কৃতি আৰু আবেগক মূৰ্ত কৰি তুলিছে, যি প্ৰতিষ্ঠানটোৰ কৌশলগত দৃষ্টিভংগী আৰু উচ্চাকাংক্ষাক প্ৰদৰ্শন কৰিছে।

লিগেচী হৈছে ভাৰতীয় আৰু স্কটিছ মল্টৰ সংমিশ্ৰণেৰে ভাৰতীয় বিবিধ শস্যৰ পৰা প্ৰস্তুত কৰা প্ৰিমিয়াম ভাৰতীয় হুইস্কি। ইয়াত আছে চাব্টল পিটী, ফ্ৰুটী নোটছ আৰু টোষ্টেড ওক আণ্ডাৰটনৰ সৈতে এক সমৃদ্ধ মিশ্ৰণ, যি সম্পূৰ্ণৰূপে ভাৰতত বাকাৰ্ডিয়ে প্ৰস্তুত কৰিছে। বাকাৰ্ডি ভাৰতৰ পৰিচালন সঞ্চালক বিনয় গলিকেৰীয়ে সামগ্ৰীৰ উদ্ভাৱন মুকলি কৰি উৎফুল্লিত হৈ কয় যে, “ভাৰতে আমাৰ বাবে এক ৰোমাঞ্চকৰ বৃদ্ধিৰ সুযোগ প্ৰদান কৰিছে, কিয়নো ই হুইস্কিৰ বাবে বিশ্বজুৰি #১ বজাৰ আৰু আমাৰ প্ৰথমবাৰৰ বাবে প্ৰস্তুত কৰা ‘মেড-ইন-ইণ্ডিয়া’ হুইস্কি লিগেচীয়ে আমাক ব্ৰেণ্ডটো বৃদ্ধি কৰি আগুৱাই লৈ যোৱাৰ লগে লগে ৰাষ্ট্ৰীয় পৰ্যায়ত কাম-কাজ বৃদ্ধি কৰিবলৈ সক্ষম কৰিব আৰু এই দশকৰ শেষৰ ফালে বহুগুণে বৃদ্ধি পাব।”

বাকাৰ্ডিৰ প্ৰিমিয়াম ভাৰতীয় হুইস্কি লিগেচী ভাৰতীয় আৰু স্কটিছ মল্টৰ মিশ্ৰণ ঘটাই ভাৰতীয় শস্যৰে তৈয়াৰ কৰা হয়। ইয়াত আছে এক সমৃদ্ধ, পিটি ফ্লেভাৰ, ফলমূলৰ সোৱাদ আৰু টোষ্ট কৰা ওক আণ্ডাৰটোন। ২০২০ চনৰ পৰা ২০২৩ চনৰ ভিতৰত ভাৰতীয় হুইস্কিৰ বজাৰ ৬.৮% বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। এই ধাৰা অব্যাহত থাকিলে ২০২৬ চনৰ ভিতৰত বাৰ্ষিক বিক্ৰী ২৫০ মিলিয়ন ৯এলচি অতিক্ৰম কৰিব।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *