বল্ড ইণ্ডিয়াৰ বাবে আধুনিক ব্ৰেণ্ড পৰিচয়, বিমানৰ লিভাৰী উন্মোচন এয়াৰ ইণ্ডিয়াৰ

টাটা গ্ৰুপৰ মালিকানাধীন বিমান সংস্থা এয়াৰ ইণ্ডিয়াই এক অত্যাধুনিক ব্ৰেণ্ড পৰিচয় আৰু বিমানৰ লিভাৰী উন্মোচন কৰিছে, যিয়ে নিজৰ Vihaan.AI নেচনেল ইন্সপিৰেচন(ৰাষ্ট্ৰীয় অনুপ্ৰেৰণা)লৈ ৰূপান্তৰৰ এক মাইলৰ খুঁটি হিচাপে চিহ্নিত কৰিছে। এই নতুন ৰূপটোৱে এয়াৰ ইণ্ডিয়াৰ দ্বাৰা ঐতিহাসিকভাৱে ব্যৱহৃত আইকনিক ইণ্ডিয়ান উইণ্ডো আকৃতিক এটা গল্ড উইণ্ডো ফ্ৰেমলৈ পৰিণত কৰিছে, যিয়ে ‘সম্ভাৱনাৰ খিৰিকী’ৰ প্ৰতীক ৰূপে নতুন ব্ৰেণ্ড ডিজাইন প্ৰণালীক কেন্দ্ৰীভূত কৰিছে।

এই এয়াৰ ইণ্ডিয়াৰ নতুন ল’গ’ চিহ্ন ‘দ্য ভিষ্টা’ই সোণৰ খিৰিকীৰ ফ্ৰেম শিখৰৰ দ্বাৰা অনুপ্ৰাণিত হৈ সীমাহীন সম্ভাৱনা, প্ৰগতিশীলতা আৰু ভৱিষ্যতৰ বাবে এক সাহসী দৃষ্টিভংগী প্ৰতিনিধিত্ব কৰে। এয়াৰ ইণ্ডিয়াৰ নতুন বিমান লিভাৰীত গভীৰ ৰঙা, অবেৰগিন, স্বৰ্ণ হাইলাইট, চক্ৰ-অনুপ্ৰেৰিত পেটাৰ্ন আৰু এটা কাষ্টম-নিৰ্মিত ‘এয়াৰ ইণ্ডিয়া চান্স’ ফণ্টৰ বৈশিষ্ট্য আছে, যিয়ে বিমান সংস্থাটো প্ৰিমিয়াম, অন্তৰ্ভুক্ত আৰু সুলভ হিচাপে চিহ্নিত কৰিব। ফিউচাৰব্ৰেণ্ডৰ সৈতে অংশীদাৰিত্বৰে ডিজাইন কৰা এয়াৰ ইণ্ডিয়াৰ আইকনিক নতুন ব্ৰেণ্ড পৰিচয়ে ভৱিষ্যতৰ বাবে উদ্ভাৱনৰ সৈতে এয়াৰলাইনৰ অতীতৰ সৈতে ভৱিষ্যতৰ বাবে উদ্ভাৱনৰ সংমিশ্ৰণ ঘটায়।

২০২৩ চনৰ ডিচেম্বৰৰ পৰা যাত্ৰীসকলৰ যাত্ৰাত এই নতুন ল’গ’টো দেখা যাব, যেতিয়া এয়াৰ ইণ্ডিয়াৰ প্ৰথমখন এয়াৰবাছ এ৩৫০ বিমানে নতুন লিভাৰীত ফ্লীটত দেখা যাব। এই বিষয়ে এয়াৰ ইণ্ডিয়াৰ মুখ্য কাৰ্যবাহী বিষয়া তথা এম ডি কেম্পবেল উইলচনে কয় যে, “নতুন এয়াৰ ইণ্ডিয়া সাহসী, আত্মবিশ্বাসী আৰু জীৱন্ত, লগতে নিজৰ সমৃদ্ধ ইতিহাস আৰু পৰম্পৰাৰ প্ৰতি উষ্ম আৰু গভীৰভাৱে প্ৰোথিত যিয়ে ভাৰতীয় আতিথ্যক সেৱাৰ মানদণ্ডৰ বাবে এক বিশ্বব্যাপী মানদণ্ড তৈয়াৰ কৰিছে।”

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *