বন্ধুৰ আত্মীয়লৈ অশ্লীল ফটো প্ৰেৰণ দিল্লীৰ ছাত্ৰীৰ, গ্ৰেপ্তাৰ

ভুৱা ইনষ্টাগ্ৰাম প্ৰফাইল বনাই বন্ধুৰ ভগ্নী আৰু অন্যান্য আত্মীয়লৈ অশ্লীল ছবি আৰু মেছেজ প্ৰেৰণ কৰাৰ অভিযোগত দিল্লীত গ্ৰেপ্তাৰ কৰা হৈছে এগৰাকী ১৯ বছৰীয়া ছাত্ৰীক।

আৰক্ষীয়ে জনোৱা মতে, ছাত্ৰীগৰাকীয়ে বন্ধুৰ ওপৰত “প্ৰতিশোধ” ল’বলৈ এই কাম কৰিছিল।

খবৰ অনুসৰি তেওঁৰ সৈতে হোৱা বিবাদৰ পিছতে এনে কাৰ্য সংঘটিত কৰিছিল ছাত্ৰীগৰাকীয়ে।

আৰক্ষীয়ে লগতে কয় যে অশ্লীল বাৰ্তা প্ৰেৰণৰ বাবে ব্যৱহাৰ কৰা মোবাইল ফোন আৰু চিম কাৰ্ড উদ্ধাৰ কৰা হৈছে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *