কাৰ্বি আংলং জিলাৰ বকলিয়াঘাটত যমুনা নদীত পৰি এটি শিশুৰ সলিল সমাধি ঘটা ঘটনাই সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে।
জানিব পৰা মতে, সোমবাৰৰ পৰা সন্ধানহীন হৈ আছিল ঋষভ বিশ্বাস নামৰ শিশুটি।
শিশুটিক বিচাৰি পৰিয়াল আৰু স্থানীয় ৰাইজে সন্ধান চলাই থকাৰ সময়তে আজি পুৱা প্ৰায় ৯ বজাত ঋষভৰ মৃতদেহ নদীত ওপঙি থকা অৱস্থাত উদ্ধাৰ হয়ত শোকত ভাগি পৰে পৰিয়াল।
শিশুটিয়ে নৈৰ পাৰত খেলি থকাৰ সময়তে ভৰি পিচলি নৈত বাগৰি পৰাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে।