পৰীক্ষা কেন্দ্ৰত মোবাইল ব্যৱহাৰ কৰি নলবাৰীত আটক আৰক্ষী উপ পৰিদৰ্শক পৰীক্ষাৰ ২ পৰীক্ষাৰ্থী…

নলবাৰী জিলাৰ এটা পৰীক্ষা কেন্দ্ৰৰ পৰা দেওবাৰে আটক কৰা হৈছে উপ-পৰিদৰ্শক পৰীক্ষাত অৱতীৰ্ণ হোৱা কমেও দুজন পৰীক্ষাৰ্থীক।

সূত্ৰৰ পৰা জানিব পৰা মতে পৰীক্ষা হলৰ ভিতৰত মোবাইল ফোন ব্যৱহাৰ কৰাৰ অভিযোগত বৰক্ষেত্ৰী মহাবিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰৰ পৰা আটক কৰা হয় পৰীক্ষাৰ্থীক।

উল্লেখযোগ্য যে অসমৰ বিভিন্ন প্ৰান্তত উপ-পৰিদৰ্শক পদৰ পৰীক্ষা অনুষ্ঠিত হৈ আছে।

ইয়াৰ পূৰ্বে ৩০ মাৰ্চত মৰিগাঁও জিলাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সাধাৰণ বিজ্ঞান বিষয়ৰ পৰীক্ষাত অৱতীৰ্ণ হোৱা ৬ গৰাকী পৰীক্ষাৰ্থীক কেন্দ্ৰৰ পৰা বহিষ্কাৰ কৰা হৈছিল।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *