পৰিয়ালৰ সদস্য জেল’লৈ যোৱাৰ ভয়তে বিজেপিত যোগদান কৰিছিল হিমন্ত বিশ্ব শৰ্মাইঃ বিস্ফোৰক দাবী ভূপেন বৰাৰ

77

৮ বছৰ পূৰ্বে পৰিয়ালৰ দাবীতে কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰিছিল হিমন্ত বিশ্ব শৰ্মাই। বিজেপিত যোগদানৰ পূৰ্বে দিল্লীত সাক্ষাৎ কৰি ভূপেন বৰাকো জোৰ দিছিল বিজেপিমুখী হ’বলৈ। অসমত চলি থকা ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ মাজতে এক সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লৈ এনে বিস্ফোৰক মন্তব্য কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই।

অসমত ন্যায় যাত্ৰাৰ দ্বিতীয় দিনটোত এক সংবাদমেল সম্বোধন কৰি ৮ বছৰ পূৰ্বে হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰাৰ আঁৰৰ উদ্দেশ্য প্ৰকট কৰে ভূপেন বৰাই। ভূপেন বৰাই কয় যে ২০১৫ চনলৈ হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছত আছিল৷ ২০১৪ চনত যেতিয়া দিল্লীত বিজেপিয়ে চৰকাৰ গঠন কৰিছিল, তেতিয়া অসমৰ বিজেপিৰ তত্বাৱধায়ক এছ এছ আহলুৱালিয়াই গুৱাহাটীত এখন বৃহৎ সংবাদমেল সম্বোধন কৰিছিল৷ তেতিয়া এছ এছ আহলুৱালিয়াই কৈছিল যে লুইচ বাৰ্জাৰ আৰু সাৰদা কেলেংকাৰীৰ ফাইল দ্বিতীয়বাৰৰ খোলা হ’ব৷ সেই সময়ত হিমন্ত বিশ্ব শৰ্মাৰ পত্নীক কলকাতাৰ চিবিআইৰ কাৰ্যালয়লৈ দুবাৰ মাতি নিয়া হৈছিল৷

শৰ্মাই যিদিনা বিজেপিত যোগদান কৰাৰ সিদ্ধান্ত লৈছিল তাৰ দুদিন পূৰ্বে তেওঁ দিল্লীত ভূপেন বৰাক সাক্ষাৎ কৰিবলৈ অহা বুলি দাবী কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয়, ”মোৰ দিল্লীৰ নৰ্থ-এভিনিউ কাৰ্যালয়ত হিমন্ত বিশ্ব শৰ্মাই মোক সাক্ষাৎ কৰিছিল৷ হিমন্ত বিশ্ব শৰ্মাই মোক লগ ধৰি কৈছিল- ‘আমি একেলগে ২৫ বছৰ কংগ্ৰেছ কৰিলো, এতিয়া আমি বিজেপিলৈ যাও বলা’৷ তেতিয়া মই কৈছিলো আপুনি ৰখক, আমাৰ সকলোৰে দিন আহিব৷ তেতিয়া হিমন্ত বিশ্ব শৰ্মাই কৈছিল ‘মই যাবই লাগিব৷ কংগ্ৰেছত মোৰ ভৱিষ্যত নাই’৷ তেতিয়া মই কৈছিলো আমাৰ সময় আৰম্ভ হ’ব৷ এতিয়া তৰুণ গগৈ আছে৷ ইয়াৰ পাছতে তোমাৰ আৰু আমাৰ সময় আৰম্ভ হ’ব৷ তেতিয়া হিমন্ত বিশ্ব শৰ্মাই মোক ক’লে যে বিজেপিত যোগদান কৰাৰ তেওঁৰ অন্য কাৰণ আছে৷ তেওঁ মোক কৈছিল যে তেওঁৰ পৰিয়ালৰ সদস্য হেনো মৰিবলৈ সাজু, কিন্তু জে’ললৈ যাবলৈ প্ৰস্তুত নহয়। হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ সদস্যই কৈছিল- ‘মই আপোনাক ভাল পাইছো, মৰিবলৈ সাজু আছো, কিন্তু জে’ললৈ যাবলৈ প্ৰস্তুত নহয়৷’ ঘৰৰ মানুহে এনেকৈ কোৱাত হিমন্তই বিজেপি যাবলগীয়া হ’ল৷ বিজেপিত যোগদানৰ দুদিন পূৰ্বে মোৰ নৰ্থ এভিনিউৰ ফ্লেট নং ১৩৪ত এই কথা কৈছিল৷’’

ভূপেন বৰাই লগতে কয়, ”বহু মানুহে ভাৱে যে ৰাজনৈতিক বতাহৰ আগজানীন লাভ কৰি হিমন্ত বিশ্ব শৰ্মাই বিজেপিলৈ গৈছে৷ কিন্তু প্ৰকৃততে জে’ললৈ যোৱাৰ ভয়তহে হিমন্ত বিশ্ব শৰ্মাই বিজেপিলৈ গৈছে৷ সেইগৰাকী লোকে আজি আনক দুৰ্নীতি কৰা বুলি অভিযোগ উত্থাপন কৰে৷ কংগ্ৰেছে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কেতিয়াও দুৰ্নীতিৰ অভিযোগৰ দাগ লগোৱা নাই৷ বিজেপিৰ সংসদীয় ব’ৰ্ডে প্ৰকাশ কৰা পুস্তিকাত উল্লেখ কৰিছিল যে কংগ্ৰেছৰ এজন মন্ত্ৰী ভ্ৰষ্টাচাৰী৷’’

ইফালে ২০২১ চনত হিমন্ত বিশ্ব শৰ্মাই পিছ দুৱাৰেৰে মুখ্যমন্ত্ৰী হোৱা বুলিও দাবী কৰি ভূপেন বৰাই৷ ভূপেন বৰাই কয় যে ২০২১ চনৰ নিৰ্বাচনত অসমত মুখ্যমন্ত্ৰী চেহেৰা আছিল সৰ্বানন্দ সোণোৱাল৷ পোষ্টাৰত সৰ্বানন্দ সোণোৱালৰ ফটো ডাঙৰকৈ আছিল৷ কাষত সৰুকৈ হিমন্ত বিশ্ব শৰ্মাৰ ফটো আছিল৷ কিন্তু তেওঁ মেনুপুলেট কৰি মুখ্যমন্ত্ৰী হৈছে৷ এইগৰাকী হিমন্ত বিশ্ব শৰ্মা অগপৰ চৰকাৰৰ মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ আছিল৷ কংগ্ৰেছৰ মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া, তৰুণ গগৈ, সৰ্বানন্দ সোণোৱালৰ ঘনিষ্ঠ আছিল৷ ৰাম মাধৱৰো ঘনিষ্ঠ আছিল৷ যাৰ অতি ঘনিষ্ঠ আছিল সেই সকলোকে লাঠ মাৰি বিশ্বাসঘাতকতা কৰিছে৷

ভূপেন বৰাই কয়, ”এইগৰাকী হিমন্ত বিশ্ব শৰ্মাই ৰাহুল গান্ধী আৰু ছোনায়ী গান্ধীৰ প্ৰতি ওৰে জীৱন বিশ্বাসী হৈ থাকিম বুলি কোৱা ভিডিঅ’ মোৰ ওচৰত আছে৷ ২০১৪ চনৰ নিৰ্বাচনত তেজপুৰত মোৰ কাষতে ভাষণ দি কৈছিল ‘গুজৰাটত পানীৰ পাইপেৰে মুছলমানৰ তেজ বৈ যায়৷’ মোদীক এদিন ৰিক্সাৱালা-ঠেলাৱালাই থাপ্পড় মাৰিব বুলিও কৈছিল৷’’ হিমন্ত বিশ্ব শৰ্মাক সকিয়নী প্ৰদান কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে পুনৰ কয়, ”আমাক ধমক নিদিব৷ আমাৰ কংগ্ৰেছৰ বহু কৰ্মীয়ে গুলী খাই প্ৰাণ দিছে৷ আমি ভয় নকৰো৷ আপুনি ২৫ জানুৱাৰীৰ পাছত জে’ললৈ পঠিয়াম বুলি কৈছে৷ মই আজি ঘোষণা কৰিছো যে আপুনি জে’লৰ কোঠা বুকিং কৰি ৰাখক৷ আমি জে’ললৈ যাবৰ বাবে সাজু৷ আমি কংগ্ৰেছীয়ে ভয় নকৰো৷’’