প্ৰিয় গায়ক সিদ্ধু মূছেৱালা হত্যাৰ ন্যায় প্ৰদানত বিলম্ব! ক্ষুব্ধ হৈ নিজৰ থাৰ পুখুৰীত পেলাই থৈ আহিল এজন সমৰ্থকে…

পঞ্জাৱৰ জলন্ধৰৰ এটা পুখুৰীৰ পৰা উদ্ধাৰ হয় এখন থাৰ জীপ। জানিব পৰা মতে, পাঞ্জাবী গায়ক তথা ৰেপাৰ সিদ্ধু মুছেৱালাৰ অনুৰাগী যেন লগা গাড়ীৰ মালিকজনে পাঞ্জাবী গায়ক সিদ্ধু মুছেৱালাৰ হত্যাকাণ্ডৰ গোচৰৰ সৈতে জড়িত ন্যায় নোপোৱাৰ বাবে ক্ষুব্ধ হৈ নিজৰ ক’লা মহিন্দ্ৰা থাৰখন পুখুৰীত পেলাই দিয়ে। ২০২২ চনৰ ২৯ মে’ত পঞ্জাৱৰ মানছাত হত্যাকাৰীয়ে গুলীয়াই হত্যা কৰিছিল সিদ্ধু মুছেৱালাক। পঞ্জাৱত ভগৱন্ত মান নেতৃত্বাধীন চৰকাৰে নিৰাপত্তাৰক্ষীৰ কভাৰ কৰ্তন কৰাৰ পিছতে দিনৰ পোহৰতে গুলীয়াই হত্যা কৰে গায়কজনক।

পাঞ্জাবী গায়ক তথা ৰেপাৰ সিদ্ধু মূছেৱালাৰ হত্যাকাণ্ডৰ সৈতে জড়িত গোচৰটোত ন্যায় পলম হোৱাত তেওঁ ক্ষুব্ধ বুলি জানিবলৈ দিয়ে গাড়ীৰ মালিকে। তেওঁৰ মহিন্দ্ৰা থাৰ জলন্ধৰৰ খালত পেলাই দি কৰ্তৃপক্ষৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা বুলিও তেওঁ কয়। যোৱা ২৯ মে’ত মানছাত মহিন্দ্ৰা থাৰ গাড়ী চলাই গৈ থকা অৱস্থাত গুলীয়াই হত্যা কৰিছিল সিদ্ধু মুছেৱালাক। হত্যাকাৰীয়ে আন এখন গাড়ীত তেওঁৰ পিছে পিছে গৈ তাৰ পিছত মানছাৰ এটা জংচনত ৰখাই দি দিনৰ পোহৰত গুলীচালনা কৰি গায়কজনক হত্যা কৰে।

গাড়ীৰ মালিকে এই বিষয়ত ন্যায় প্ৰধান হ’ব লাগিব বুলি দাবী জনায়। লোকজনে নিজৰ গাড়ীখন খালটোত পেলাই থৈ সেই ঠাই এৰি থৈ যায়। তেওঁৰ গাড়ীখন খালত পেলাই দিয়া দেখি প্ৰত্যক্ষদৰ্শীয়ে আৰক্ষীক ফোন কৰে। ইয়াৰ পিছতে আৰক্ষী আৰু প্ৰশাসনে ক্ৰেন মাতি গাড়ীখন খালৰ পৰা উলিয়াই আনে। আৰক্ষীয়ে খালৰ পৰা মহিন্দ্ৰা থাৰক উঠাই অনাৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। লগতে তেওঁ কয় যে গাড়ী নোহোৱা হ’লে আন এখন গাড়ী পাব পাৰে কিন্তু ৰাইজে আন এজন সিদ্ধু মূছেৱালা পাব নোৱাৰে। মন কৰিবলগীয়া যে সিদ্ধু মূছেৱালাকো তেওঁৰ ক’লা মহিন্দ্ৰা থাৰৰ ভিতৰত গুলীয়াই হত্যা কৰা হৈছিল।

পাঞ্জাবী গায়ক তথা ৰেপাৰ সিদ্ধু মুছেৱালাৰ অনুৰাগী আৰু তেওঁৰ আত্মীয়ই পঞ্জাৱৰ ভাগৱত মান নেতৃত্বাধীন আম আদমি পাৰ্টি চৰকাৰক কণ্ঠশিল্পীগৰাকীৰ হত্যাকাণ্ডৰ ন্যায় প্ৰদানৰ বাবে হেঁচা প্ৰয়োগ কৰিছে। তেওঁৰ পিতৃ বালকৌৰ সিঙে গোচৰৰ অগ্ৰগতিক লৈ পঞ্জাৱ চৰকাৰৰ বিৰুদ্ধে কেইবাবাৰো প্ৰতিবাদ সাব্যস্ত কৰে। বালকৌৰ সিঙে চৰকাৰক প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰি হত্যাকাৰীক যিমান পাৰি সোনকালে গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনায়। পাঞ্জাৱী গায়িকাগৰাকীৰ হত্যাকাণ্ডৰ সৈতে জড়িত গোচৰটোত পলম হোৱাৰ বাবেই পঞ্জাৱবাসীৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে।

কাৰাবন্দী গেংষ্টাৰ লৰেন্স বিষ্ণোই হৈছে সিদ্ধু মূছেৱালাৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত। পাঞ্জাবী গায়িকাগৰাকীক হত্যাৰ পৰিকল্পনা ৰচনা কৰাৰ অভিযোগ তেওঁৰ বিৰুদ্ধে। সিদ্ধু মুছেৱালাই গেংষ্টাৰৰ পৰা মৃত্যুৰ ভাবুকি পোৱা বুলিও অভিযোগ উত্থাপন কৰে। মূছেৱালাক মৃত্যুৰ ভাবুকি দিয়াৰ পিছত পঞ্জাৱ আৰক্ষীয়ে নিৰাপত্তা কভাৰ প্ৰদান কৰিছিল। কিন্তু পঞ্জাৱ চৰকাৰে তেওঁৰ নিৰাপত্তা কৰ্তন কৰাৰ পিছত তেওঁক হত্যা কৰা হয়।

By Pankaj

Leave a Reply

Your email address will not be published. Required fields are marked *