প্ৰধামন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ১০ বছৰীয়া কাৰ্যকালত প্ৰথমবাৰৰ বাবে প্ৰশংসা প্ৰাক্তন প্ৰধামন্ত্ৰী মনমোহন সিঙৰ, কিয়…

৯ বছৰ পাৰ হৈ গ’ল। প্ৰধানমন্ত্ৰী হিচাপে এই ৯ বছৰত নৰেন্দ্ৰ মোদীয়ে হাজাৰ হাজাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে, যিবোৰক বিৰোধীয়ে সমালোচনা কৰিছে। বিমুদ্ৰাকৰণৰ পৰা আৰম্ভ কৰি কৃষি আইনলৈকে প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙেও তেওঁক একাধিক বিষয়ত সমালোচনা কৰিছে। কিন্তু হয়তো এই সুদীৰ্ঘ কাৰ্যকালত প্ৰথমবাৰৰ বাবে মনোমোহনৰ মুখত মোডী চৰকাৰৰ এটা নীতিৰ প্ৰশংসা শুনা গ’ল।

ৰাছিয়া-ইউক্ৰেইন যুদ্ধত পক্ষ নোলোৱাকৈ ভাৰতে নিজৰ অৰ্থনৈতিক স্বাৰ্থক অগ্ৰাধিকাৰ দিয়াৰ সিদ্ধান্ত লোৱাৰ প্ৰশংসা কৰে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে। মনমোহনে কয় যে ৰাছিয়া-ইউক্ৰেইন যুদ্ধ পৰিস্থিতিত ভাৰতৰ স্থিতি একেবাৰে শুদ্ধ।

প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, ‘বিশ্বৰ যিকোনো দুটা শক্তিয়ে যেতিয়া ইজনে সিজনৰ বিৰুদ্ধে যুঁজ দিয়ে, তেতিয়া ই আন দেশৰ বাবে এক অতি জটিল পৰিস্থিতিৰ সৃষ্টি কৰে। কাৰ পক্ষ ল’ব সেইটো নিৰ্ণয় কৰাটো অতি কঠিন সিদ্ধান্ত হৈ পৰে। ৰাছিয়া-ইউক্ৰেইন যুদ্ধ পৰিস্থিতিত ভাৰতে নিৰপেক্ষ হৈ আছে, আৰু নিজৰ অৰ্থনৈতিক স্বাৰ্থ অক্ষত ৰখাৰ লগতে শান্তিৰ বাৰ্তাও দিছে, একেবাৰে সঠিক সিদ্ধান্ত।”

দেশত জি-২০ সন্মিলনৰ আয়োজনত সুখী হৈ পৰিছে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী। তেওঁ কয়, “মই সুখী যে ভাৰতে মোৰ জীৱনকালত এই সন্মিলন আয়োজন কৰাৰ সুযোগ পালে।” আমি বিভিন্ন দেশৰ ৰাষ্ট্ৰপতিসকলক আদৰণি জনোৱাৰ সুযোগ পাইছিলোঁ।’ কিন্তু তেওঁ সোঁৱৰাই দিলে, এই সুযোগ ভাৰতৰ বাবে আছিল। ইয়াত চৰকাৰৰ কোনো অতিৰিক্ত কৃতিত্ব নাই। ইয়াৰ উপৰিও চৰকাৰে বৈদেশিক নীতিক ভোটৰ ৰাজনীতিৰ বাবে ব্যৱহাৰ কৰিবলৈ যিদৰে চেষ্টা কৰিছে তাৰ বিৰোধিতা কৰে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে। বৰ্তমান চৰকাৰলৈ তেওঁৰ পৰামৰ্শ, “মোৰ সময়ছোৱাত ভোটৰ ৰাজনীতিত এনেদৰে বৈদেশিক নীতিৰ ব্যৱহাৰ হোৱা নাছিল।” চৰকাৰৰ কূটনৈতিক সফলতা নিশ্চয় এটা ইছ্যু হ’ব পাৰে। কিন্তু বৈদেশিক নীতিক সদায় ভোটৰ ৰাজনীতিৰ সৈতে মিহলি কৰা উচিত নহয়।”

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *