প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ)ৰ অধীনত অসমত সম্পূৰ্ণ ১০ লাখ ঘৰৰ নিৰ্মাণকাৰ্যঃ ৰঞ্জিত দাস

অসম পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে গুৰুবাৰে প্ৰকাশ কৰা মতে, ২০১৬ চনৰ পৰা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ১০,০২,৯৩৫ টা গৃহ নিৰ্মাণৰ কাম অসমত সম্পূৰ্ণ হৈছে। দেশৰ গ্ৰাম্য অঞ্চলৰ দৰিদ্ৰ লোকসকলক পকী ঘৰ প্ৰদান কৰাৰ লক্ষ্যত চৰকাৰ অটল বুলিও মন্তব্য কৰে দাসে।

মন্ত্ৰী দাসে প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ পদক্ষেপ আৰু অসমত আঁচনিখন দ্ৰুত ৰূপায়ণৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ বিষয়া-কৰ্মচাৰীসকলকো ধন্যবাদ জ্ঞাপন কৰে।

অসমত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ (গ্ৰামিন)ৰ পৰিসংখ্যা অনুসৰি ২০১৬ চনৰ পৰা ২০২১ৰ মে’লৈ ৪,০৪,৩০৪টা ঘৰ নিৰ্মাণ কৰা হৈছে, আৰু মে’ ১০, ২০২১ৰ পৰা ২০২৩ৰ এপ্ৰিলৰ ২৬ তাৰিখলৈ ৫,৯৮,৬২৭টা ঘৰ নিৰ্মাণ কৰা হৈছে। কেৱল ২৭ এপ্ৰিলত ৩,২১০টা ঘৰ নিৰ্মাণ কৰা হৈছে। বৰ্তমান এই আঁচনিৰ অধীনত আৰু ৯ লাখ ঘৰ নিৰ্মাণৰ কাম চলি আছে।

২০২২ চনৰ ভিতৰত গ্ৰাম্য অঞ্চলত ‘সকলোৰে বাবে আৱাস’ প্ৰদানৰ চৰকাৰৰ প্ৰতিশ্ৰুতি অনুসৰি প্ৰধানমন্ত্ৰী আৱাস যোজনা- গ্ৰামীণ (পিএমএৱাই-জি) উদ্ভাৱন কৰা হৈছে। এই আঁচনিৰ লক্ষ্য হৈছে ২০২২ চনৰ ভিতৰত কেঁচা আৰু জৰাজীৰ্ণ ঘৰত বাস কৰা সকলো গৃহহীন গৃহস্থক মৌলিক সুবিধাসহ এটা পকী ঘৰ প্ৰদান কৰা।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *