অসমৰ বাক্সা জিলাৰ মানৱ-হস্তী সংঘাতৰ মূল স্থান আৰু ক্ষতিগ্ৰস্ত এলেকাৰ নিকটৱৰ্তী অঞ্চলসমূহৰ সাংবাদিকসকলৰ বাবে আয়োজিত এখন কৰ্মশালাত মানৱ আৰু বন্যপ্ৰাণীৰ সহাৱস্থান আৰু কৰ্মক্ষেত্ৰত প্ৰতিকূলতা অতিক্ৰম কৰি বন্যপ্ৰাণীৰ সংৰক্ষণক উদগনি যোগোৱা বৈজ্ঞানিক প্ৰশমনৰ ব্যৱস্থা সমূহ দাঙি ধৰা বাতৰিৰ জৰিয়তে মানৱ-হস্তী সংঘাত প্ৰশমনত সংবাদ মাধ্যমে পালন কৰিব পৰা গুৰুত্বপূৰ্ণ ভূমিকাৰ ওপৰত আলোকপাত কৰা হয় ।
অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকে (www.aaranyak.org) মুছলপুৰ প্ৰেছ ক্লাব আৰু বাক্সা প্ৰেছ ক্লাবৰ সহযোগত “এছ বি আই ফাউণ্ডেশ্যন” আৰু “ইউ এছ ফিচ এণ্ড ৱাইল্ডলাইফ চাৰ্ভিচ (ইউ এছ এফ ডব্লিউ এছ)”ৰ সহায়ত দেওবাৰে সংবাদকৰ্মী সকলৰ বাবে এই সজাগতা কৰ্মশালাখন আয়োজন কৰে।
কৰ্মশালাখনত বাক্সা সংমণ্ডলৰ সংমাণ্ডলিক বন বিষয়া (ডি এফ অ’) পি কে ব্ৰক্ষ্মই সাংবাদিকসকলৰ সৈতে মত-বিনিময় কৰি মানৱ-হস্তী সংঘাতৰ কাৰকবোৰৰ ওপৰত আলোকপাত কৰে আৰু আৰণ্যকৰ জ্যেষ্ঠ বিজ্ঞানী ড০ বিভূতি প্ৰসাদ লহকৰে মানৱ আৰু বন্যপ্ৰাণী সংঘাতৰ সাম্প্ৰতিক পৰিস্থিতি আৰু সহাৱস্থানক সহায় কৰা সম্ভাৱ্য ফলপ্ৰসূ ব্যৱস্থাসমূহৰ বিষয়ে বিতং ব্যাখ্যা কৰে ।
আৰণ্যকৰ এগৰাকী পৰিৱেশ শিক্ষক জয়ন্ত পাঠকে বন্যপ্ৰাণী সংৰক্ষণৰ বাতৰি যুগুত কৰাৰ সময়ত সাংবাদিকসকলৰ সমালোচনাত্মক চিন্তা আৰু বৈজ্ঞানিক দৃষ্টিভংগীয়ে সহাৱস্থান আৰু সংঘাত প্ৰশমনত কেনেদৰে সহায় কৰিব পাৰে সেই বিষয়ে বক্তব্য আগবঢ়ায় । পাঠকে চক্ৰীয় অৰ্থনীতি আৰু মানৱ কল্যাণলৈ অৰিহণা যোগোৱাৰ বাবে প্ৰকৃতিভিত্তিক সমাধান আৰু পৰম্পৰাগত জ্ঞানৰ যোগসূত্ৰ স্থাপনৰ ওপৰতো আলোকপাত কৰে ।
আৰণ্যকৰ বিষয়া অঞ্জন বৰুৱাই আঁত ধৰা কৰ্মশালাখনত আৰণ্যকৰ জ্যেষ্ঠ সংৰক্ষণ জীৱবিজ্ঞানী ড০ আলোলিকা সিনহাই সাংবাদিকসকলৰ সৈতে মত-বিনিময় কৰে। গৱেষক অভিজিত শইকীয়াই টোকা যুগুত কৰাত সহায় কৰে ।
ছপা আৰু ডিজিটেল উভয় মাধ্যমৰ ২১ গৰাকী সাংবাদিকে অংশগ্ৰহণ কৰা কৰ্মশালাখনত বেংগালুৰুৰ আজিম প্ৰেমজী বিশ্ববিদ্যালয়ৰ অধ্যাপকদ্বয় এখনী বৰুৱা আৰু সমুদ্ৰ গগৈৰ লগতে বৰ্তমান আৰণ্যকত শিক্ষানৱিচ হিচাপে কৰ্মৰত তেওঁলোকৰ ছাত্ৰ অজয় ছালভে উপস্থিত থাকে । অলকাশ আলীৰ শলাগৰ শৰাইৰে সমাপ্ত হোৱা কৰ্মশালাখনত সাংবাদিক দিলীপ কুমাৰ হালৈয়ে সামৰণি ভাষণ দিয়ে।