প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ত “স্নেহ মিলন” অনুষ্ঠান

প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ অসম অভিযান্ত্ৰিক মহাবিদ্যালয়,জালুকৱাৰীত অৱস্থিত “সূখধাম” নামৰ ৰাজযোগ প্ৰশিক্ষণ কেন্দ্ৰত বহাগ বিহুক “স্নেহ মিলন” নামেৰে যোৱা ২৪ মাৰ্চ তাৰিখে উৎযাপন কৰা হয়। ৰাতিপুৱা মুৰুলী পাঠেৰে অনুষ্ঠানটো উদ্ধোধন কৰে ব্ৰহ্মকুমাৰী মীনা বেহেনে। বৌদ্ধিক, শৃংখলাবদ্ধ, গাম্ভীৰ্য্য পূৰ্ণ অনুষ্ঠানত নিমন্ত্ৰিত অতিথি হিচাপে থাকে শুৱালকুছি মহাবিদ্যালয় অধ্যাপক, ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা ছিনিয়ৰ ফেল’শ্বিপ প্ৰাপ্ত তথা নাট্যকাৰ- পৰিচালক সীমান্ত শৰ্মা আৰু ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা ৰাষ্ট্ৰীয় টেগৰ ৰিচাৰ্ছ স্কলাৰ প্ৰাপ্ত, ভাৰত চৰকাৰৰ এন চি আৰ টি আৰু চি চি আৰ টি, অসম চৰকাৰৰ এছ চি আৰ টি ৰ সমল ব্যক্তি তথা সুৰজিৎ একাডেমীৰ অধ্যক্ষা বিনীতা দেৱী। তেওলোকৰ বহুমূলীয়া ভাষণত বিহু সংস্কৃতিয়ে কেনেদৰে সমাজক জীপাল কৰি ৰাখিছে বৰ্ণনা কৰাৰ লগতে বিনীতা দেৱীয়ে পুতলা নাছৰ মাধ্যমত “বাগুৰুম্বা” পৰিৱেশন কৰি প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ পৰিবেশ আনন্দময় কৰি তোলে। বিভিন্ন জনৰ গীত, নৃত্য, কবিতা আবৃত্তিৰে  কাৰ্য্যসূচী ৰূপায়ন কৰা হয়। ৰঙালী বিহুৰ কাৰ্য্যক্ৰম সঞ্চালন কৰে ব্ৰহ্মকুমাৰী চন্দ্ৰাৱলী বেহেনে। শলাগৰ শৰাই আগবঢ়ায় দিগন্ত ভাই। কাৰ্যক্ৰমৰ শেষত উপস্হিত থকা সকলোকে “সূখধাম”ত নিজে তৈয়াৰ কৰা দৈ, চিৰা, পিঠা, লাড়ু আদিৰে বিশিষ্ট অতিথি আৰু বিহুত উপস্থিত থকা দৰ্শকক খোৱাই আপ্যায়ন কৰে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *