পেৰিছ মাষ্টাৰ্ছত অভিলেখ সপ্তম খিতাপ জয়ৰ দিশত ন’ভাক জক’ভিচ

টেনিছ কিংবদন্তী ন’ভাক জক’ভিচে সহজ জয়েৰে পেৰিছ মাষ্টাৰ্ছত
অভিলেখ সপ্তম খিতাপ জয়ৰ দিশত আগবাঢ়িছে, কিন্তু পেটৰ বিষৰ বাবে কাৰ্লোছ আলকাৰেজ খেলখনৰ মাজভাগত বাহিৰ হয়। কোৱাৰ্টাৰ ফাইনেলত জক’ভিচে লৰেঞ্জো মুচেট্টিক ৬-০, ৬-৩ ব্যৱধানত সহজে পৰাস্ত কৰে। এই ছিজনত ইজৰাইল আৰু কাজাখস্তানত খিতাপ অৰ্জন কৰা জক’ভিচে অভিলেখ ৩৯ তম মাষ্টাৰ্ছ খিতাপ জয়ৰ চেষ্টা চলাইছে। ছেমি ফাইনেলত জক’ভিচে গ্ৰীকৰ পঞ্চম স্থানৰ ষ্টেফানোছ চিটচিপাছৰ মুখামুখি হ’ব, যিয়ে অবাছাই আমেৰিকান টমি পলক ৬-২, ৬-৪ ব্যৱধানত পৰাস্ত কৰে। পলে দ্বিতীয় ৰাউণ্ডত ৰাফেল নাদালক পৰাস্ত কৰিছিল।
শীৰ্ষ স্থানত থকা এলকাৰেজে ডেনমাৰ্কৰ হোলগাৰ ৰুনৰ বিৰুদ্ধে আধা খেলৰ পৰা নাম প্ৰত্যাহাৰ কৰিব লগা হৈছিল। যেতিয়া পেটৰ পেশীৰ চাপৰ বাবে আলকাৰাজে খেলৰ বাহিৰ হবলৈ ওলাইছিল, তেনে সময়ত ৰুনে ৬-৩, ৬-৬ আৰু টাইব্ৰেকাৰত ৩-১ত আগবাঢ়ি আছিল ।
ৰুনে পৰৱৰ্তী সময়ত অষ্টম স্থানৰ ফেলিক্স অগাৰ এলিয়াছিমৰ মুখামুখি হ’ব। তেওঁ ষোষ্ঠ স্থানপ্ৰাপ্ত ফ্ৰান্সিছ টিয়াফ’ক ৬-১, ৬-৪ ত পৰাস্ত কৰে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *