পেৰিছ ভ্ৰমণ সামৰি আবু ধাবিত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী…

আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইউ এ ই ভ্ৰমণৰ বাবে আবুধাবিত উপস্থিত হয় আৰু এই সময়ত তেওঁ ইউ এ ইৰ ৰাষ্ট্ৰপতি শ্বেইখ মহম্মদ বিন জায়েদ আল নাহিয়ানক সাক্ষাৎ কৰিব আৰু দুয়োখন কৌশলগত অংশীদাৰৰ মাজত ক্ৰমবৰ্ধমান দ্বিপাক্ষিক সম্পৰ্ক পৰ্যালোচনা কৰিব।

পেৰিছলৈ দুদিনীয়া সফল ভ্ৰমণৰ পিছত আবুধাবিত উপস্থিত হয় প্ৰধানমন্ত্ৰী মোদীয়ে য’ত তেওঁ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ সৈতে বেষ্টিল দিৱসৰ পেৰেডত সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰে আৰু দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ বাবে কেইবাখনো চুক্তিত স্বাক্ষৰ কৰে।

ইউ এ ইৰ ৰাষ্ট্ৰপতি তথা আবুধাবিৰ শাসক শ্বেখ আল নাহিয়ানৰ সৈতে আলোচনাত মিলিত হ’ব প্ৰধানমন্ত্ৰী মোদীয়ে।

২ দেশৰ ভ্ৰমণৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰস্থানৰ বিবৃতিত কয় যে, ‘মই মোৰ বন্ধু এইচ এইচ শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানক লগ পাবলৈ আগ্ৰহী।

তেওঁ কয় যে আমাৰ দুয়োখন দেশ বাণিজ্য, বিনিয়োগ, শক্তি, খাদ্য সুৰক্ষা, বিজ্ঞান আৰু প্ৰযুক্তি, শিক্ষা, ফিনটেক, প্ৰতিৰক্ষা, নিৰাপত্তা, আৰু জনসাধাৰণৰ মাজত শক্তিশালী সম্পৰ্ক আদি বিভিন্ন খণ্ডত জড়িত।

শক্তি, খাদ্য সুৰক্ষা, আৰু প্ৰতিৰক্ষা প্ৰধানমন্ত্ৰী মোডীৰ ইউ এ ই ভ্ৰমণৰ কেন্দ্ৰবিন্দু হ’ব বুলি আশা কৰা হৈছে, য’ত দুয়োখন দেশে এক গুৰুত্বপূৰ্ণ বাণিজ্যিক চুক্তি স্বাক্ষৰ কৰাৰ পিছত দ্বিপাক্ষিক সম্পৰ্কৰ অগ্ৰগতি পৰ্যালোচনা কৰিব।

কোভিড-১৯ মহামাৰীৰ সময়ত দুয়োখন দেশৰ অৰ্থনৈতিক সংযোগক এক নতুন জোকাৰণি দিয়া কম্প্ৰেহেন্সিভ ইকনমিক পাৰ্টনাৰশ্বিপ এগ্ৰিমেণ্ট (চিইপিএ) স্বাক্ষৰিত হৈছিল।

ভাৰত আৰু ইউ এ ই বিভিন্ন খণ্ড যেনে বাণিজ্য, বিনিয়োগ, শক্তি, খাদ্য সুৰক্ষা, বিজ্ঞান আৰু প্ৰযুক্তি, শিক্ষা, ফিনটেক, প্ৰতিৰক্ষা, নিৰাপত্তা, আৰু জনসাধাৰণৰ মাজত শক্তিশালী সম্পৰ্কত জড়িত হৈ আছে।

ভাৰতীয় প্ৰবাসী সম্প্ৰদায়টো হৈছে ইউ এ ইৰ সৰ্ববৃহৎ জনগোষ্ঠীয় সম্প্ৰদায় যিয়ে দেশখনৰ জনসংখ্যাৰ প্ৰায় ৩০ শতাংশ গঠন কৰে। ইউ এ ইৰ ৰেকৰ্ড অনুসৰি ২০২১ চনত আৱাসী ভাৰতীয় নাগৰিকৰ সংখ্যা ৩৫ লাখ বুলি অনুমান কৰা হৈছিল।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *