পুনৰ ভাৰতীয় ৰিজাৰ্ভ বেংকে বৃদ্ধি কৰিলে ৰেপো ৰেট

দেশবাসীয়ে মূল্যবৃদ্ধিৰ সৈতে যুঁজি থকাৰ সময়তে ভাৰতৰ কেন্দ্ৰীয় বেংক, ভাৰতীয় ৰিজাৰ্ভ বেংকে বুধবাৰে পুনৰ এবাৰ ৰেপো ৰেট বৃদ্ধি কৰে। ইয়াৰ ফলত ইএমই পৰিশোধকৰ্তাসকলৰ ওপৰত অতিমাত্ৰাত বোজা বৃদ্ধি কৰিব। আৰবিআইৰ মুদ্ৰা নীতি সমিতিয়ে বুধবাৰে ৰেপো ৰেট ৫০ বেছিছ পইণ্ট বৃদ্ধি কৰি ৪.৯০% লৈ বৃদ্ধি কৰিছে। এইটো ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ শক্তিকান্ত দাসে ঘোষণা কৰিছে। ইয়াৰ পূৰ্বে ৪ মে’ত ভাৰতীয় ৰিজাৰ্ভ বেংকে হঠাতে ৰেপো ৰেট ৪০ বেছিছ পইণ্ট বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছিল। ইয়াৰ বাবে কোৱা হৈছে যে বৰ্ধিত মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণ কৰিবলৈ এই সিদ্ধান্ত লোৱা হৈছে। শক্তিকান্ত দাসে কয় যে ইউক্ৰেইন যুদ্ধৰ ফলত বিশ্বব্যাপী মুদ্ৰাস্ফীতি বৃদ্ধি পাইছে। আৰবিআই গভৰ্ণৰে কৈছে যে ষ্টেণ্ডিং ডিপজিট ফেচিলিটি (এছডিএফ হাৰ) ৪.৬৫% আৰু মাৰ্জিনেল ষ্টেণ্ডিং ফেচিলিটি (এমএছএফ হাৰ) আৰু বেংকৰ হাৰ ৫.১৫% লৈ একত্ৰিত কৰি দিয়া হৈছে। শক্তিকান্ত দাসে কৈছে যে এই বছৰৰ ডিচেম্বৰৰ ভিতৰত মুদ্ৰাস্ফীতিৰ হাৰ ৬ শতাংশ হ’ব বুলি আশা কৰা হৈছে। তেওঁ কয় যে অস্থায়ী অনুমান অনুসৰি, ২০২১-২২ বৰ্ষত ভাৰতৰ জিডিপি বৃদ্ধিৰ হাৰ ৮.৭% হোৱাৰ অনুমান কৰা হৈছে আৰু ২০২১-২২ বৰ্ষত প্ৰকৃত জিডিপিৰ স্তৰ মহামাৰীৰ পূৰ্বে অৰ্থাৎ ২০১৯-২০ বৰ্ষৰ স্তৰ অতিক্ৰম কৰিছে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *