বাল্যবিবাহৰ বিৰুদ্ধে চলি থকা অভিযানৰ মাজতে হাইলাকান্দি জিলাত বুধবাৰে আৰক্ষীয়ে অভিযান চলাই কমেও ১৭ জন ভুৱা কাজীক আটক কৰিবলৈ সক্ষম হয়।
খবৰ অনুসৰি বাল্য বিবাহৰ লগত জড়িত থকাৰ সন্দেহত জিলাখনৰ বিভিন্ন স্থানৰ পৰা আটাইকেইজন অভিযুক্তক আটক কৰা হয়।
আটকাধীন কাজী কেইজন হৈছে আজিৰুদ্দিন লস্কৰ, মুফতি আবুল হুছেইন, আছাদুল্লাহ লস্কৰ, কাইছুৰ আহমেদ, আব্দুল জালাল লস্কৰ, ছাৰিফুদ্দিন বৰভূঞা, ফৰিজুদ্দিন লস্কৰ, ছাইদুল হক, নুৰুল হক লস্কৰ, আৰু আব্দুল চালাম বৰভূঞা।
জানিব পৰা মতে, আৰক্ষীয়ে তেওঁলোকৰ পৰা দহটা ‘কবুল নাম’ জব্দ কৰিছে। সম্প্ৰতি তেওঁলোকক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।
উল্লেখযোগ্য যে চলিত মাহৰ আৰম্ভণিতে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই ২০২৩ চনৰ ১ ছেপ্টেম্বৰৰ পৰা বাল্যবিবাহৰ বিৰুদ্ধে ব্যাপক অভিযানৰ কথা ঘোষণা কৰিছিল৷
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে ২০২৩ চনৰ ডিচেম্বৰৰ ভিতৰত ৰাজ্যখনে বহুবিবাহৰ অন্ত পৰাৰ সাক্ষী হ’ব।