পুনৰ পেৰ’লত মুকলি আকাশৰ তললৈ ধৰ্ষণ-হত্যাৰ অপৰাধত কাৰবন্দী স্বয়ম্ভূ ভগৱান ৰাম ৰহিম

64

পুনৰ পেৰ’লত মুকলি কৰি দিয়া হ’ল ধৰ্ষণ আৰু হত্যাৰ দৰে গুৰুতৰ অপৰাধত দোষী সাব্যস্ত হোৱা স্বয়ম্ভূ ভগৱান গুৰমীত ৰাম ৰহিমক। ২০২৩ চনৰ নৱেম্বৰ মাহত ২১ দিনৰ বাবে পেৰ’লত মুকলি কৰি দিয়া হৈছিল ৰাম ৰহিমক। কিন্তু তাৰ মাত্ৰ দুমাহ পিছতে এইবাৰ ৫০ দিনৰ বাবে পেৰ’লত মুকলি কৰি দিয়া হ’ল বিতৰ্কিত ধৰ্মগুৰুজনক।

উল্লেখ্য যে, ২০২৩ চনত মুঠ তিনিবাৰ পেৰ’লত মুকলি কৰি দিয়া হৈছিল গুৰমীত ৰাম ৰহিমক। শাস্তি লাভ কৰাৰ পিছত এতিয়ালৈকে ৰাম ৰহিমক দিয়া হৈছে ৬ বাৰ পেৰ’ল। উল্লেখ্য যে, গুৰমীত ৰাম ৰহিমক দুটা ধৰ্ষণ কাণ্ডৰ অপৰাধত কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা হৈছে।

ইয়াৰোপৰি নিজৰ মেনেজাৰক হত্যা কৰাৰ অভিযোগতো দোষী সাব্যস্ত কৰা হৈছে কুখ্যাত ধৰ্মগুৰুজনক। হাৰিয়ানাৰ পঞ্চকুলা আদালতে ডেৰাৰ দুগৰাকী কিশোৰী শিষ্যক ধৰ্ষণ কৰাৰ অপৰাধত ২০ বছৰৰ কাৰাদণ্ডৰ শাস্তি বিহিছিল ৰাম ৰহিমক।

ইফালে ডেৰা সচ্চাৰ মুৰব্বীজনৰ এই কু-কাণ্ড পোহৰলৈ অনাৰ প্ৰয়াস কৰাৰ বাবে এগৰাকী সাংবাদিককো পৰিকল্পিতভাৱে হত্যা কৰিছিল ৰাম ৰহিমে। লগতে ২০০২ চনত ডেৰাৰ মেনেজাৰ ৰঞ্জিত সিঙৰ হত্যাকাণ্ডৰ দোষীৰ তালিকাতো তেওঁৰ নাম আছে।

কিন্তু এনেহেন এজন অপৰাধীক বাৰে বাৰে পেৰ’লত মুকলি দিয়াক লৈ প্ৰশ্ন উত্থাপন কৰিছে বিৰোধীয়ে। ৰাজনৈতিক লাভালাভৰ বাবে ৰাম ৰহিমক বাৰে বাৰে জে’লৰ পৰা মুকলি কৰি দিয়া হৈছে বুলি অভিযোগ উত্থাপন কৰিছে বিৰোধীয়ে।