যিসময়ত বিৰোধী দলবোৰে লোকসভা নিৰ্বাচন ২০২৪ ৰ বাবে একত্ৰিত হ’বলৈ অভিযান চলাই আছে, তেনে সময়তে, তৃণমূল কংগ্ৰেছে (টিএমচি) বিৰোধী ঐক্যৰ এই অভিযানৰ পৰা নিজকে আঁতৰাই ৰাখিছে। পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে অকলে লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ সিদ্ধান্ত লৈছে। মমতা বেনাৰ্জীয়ে উত্তৰ পূৱৰ তিনি ৰাজ্যৰ ফলাফলৰ পিছত ঘোষণা কৰিছে যে
আমি অকলে ২০২৪ চনৰ নিৰ্বাচনত যুঁজিম। আমাৰ কোনো ৰাজনৈতিক দলৰ সৈতে মিত্ৰতা নহ’ব। টিএমচিৰ মিত্ৰতা জনসাধাৰণৰ সৈতে থাকিব। মমতাৰ এই মন্তব্য এনে এক সময়ত আহিছে যেতিয়া যোৱা বুধবাৰে তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টালিনৰ জন্মদিনত মঞ্চৰ পৰা বিৰোধী ঐক্যৰ উদাহৰণ স্থাপন কৰা হৈছিল। কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে সকলো বিৰোধী দলক একত্ৰিত হ’বলৈ আহ্বান জনাইছিল। মমতা বেনাৰ্জী আজি কয়- যিসকলে বিজেপিক পৰাজিত কৰিব বিচাৰে, মই বিশ্বাস কৰোঁ যে তেওঁলোকে আমাক ভোট দিব। তেওঁ দাবী কৰে যে জনতা তেওঁৰ লগত আছে আৰু আশা কৰে যে ২০২৪ চনৰ লোকসভা নিৰ্বাচনতো একেই ঘটিব। প্ৰকৃততে, বংগৰ মুখ্যমন্ত্ৰীয়ে ত্ৰিপুৰা বিধানসভা নিৰ্বাচনৰ ফলাফলৰ সন্দৰ্ভত বক্তব্য ৰাখি কয় যে যিসকলে চিপিআই(এম) আৰু কংগ্ৰেছক ভোট দিছে তেওঁলোকে প্ৰকৃততে বিজেপিক ভোট দিছে। এই সত্যটো আজি ওলাই পৰিছে। ত্ৰিপুৰা বিধানসভা নিৰ্বাচনত টিএমচিয়ে এখনো আসন জিকিবলৈ সক্ষম নাছিল।
পুনৰ এবাৰ বিৰোধী থান-বান হোৱাৰ সম্ভাৱনা
