কেৱল পে’ট্ৰল, ডিজেল বা আন সামগ্ৰীৰেই মূল্য বৃদ্ধি হ’ব বা হোৱা নাই। বাঢ়িব পানীৰো মূল্য। ১০ টকা দি আধা লিটাৰ পানী বটল এটা লোৱাৰ দিন প্ৰায় অন্ত পৰাৰ দিশে। আমাৰ বহুতৰে প্ৰায় অভ্যাস হৈ গৈছে। পানীৰ ব্ৰেণ্ড নাচাই, আমি দোকান এখনৰ সন্মুখত ৰৈ কৈছিলো- ১০ টকাৰ পানী বটল এটা দিয়ক।
শ্ৰমিক, সাধাৰণ লোক, ছাত্ৰ-ছাত্ৰী বহুতৰ বাবে ১০ টকীয়া পানীৰ বটলৰ গুৰুত্ব আছিল। এজন মানুহৰ পিয়াহ পূৰাবৰ বাবে ১০ টকাৰ পানীৰ বটলটোৱেই যথেষ্ট আছিল। ইতিমধ্যে সিদ্ধান্ত হৈ গৈছে। যিসকলে পানীৰ ব্যৱসায় কৰে, যিসকলে পানী বিক্ৰী কৰে তেওঁলোকৰ বাবে এইয়া বেয়া খবৰ নহয়। কিন্তু যিসকলে পিয়াহত ১০ টকা দি পানীৰ বটল এটা কিনি খায়, তেওঁলোকৰ বাবে এয়া এতি দুখৰ খবৰ। ১০ টকা দি কিনি খোৱা পানীৰ বটলটোৰ দাম ৫০ শতাংশ বাঢ়িব। অৰ্থাত ১০ টকীয়া আধালিটাৰ পানীৰ বটলটো আপুনি মই কিনিব লাগিব ১৫ টকাত।