পলাতক ড্ৰাগছ ব্যৱসায়ীক আৰক্ষীৰ পৰা সুৰক্ষা দিয়াৰ বাবদ ধন লৈ গ্ৰেপ্তাৰ এজন…

নগাঁৱৰ পলাতক ড্ৰাগছ ব্যৱসায়ীক আৰক্ষীৰ পৰা ৰক্ষণাবেক্ষণ দিয়াৰ বাবদ পৰিয়ালৰ পৰা ধন লৈ গ্ৰেপ্তাৰ এজন লোক।

ধৃত লোকজনৰ নাম শংকুমণি গোস্বামী। আৰক্ষীয়ে খুটিকাটীয়াৰ পৰা গ্ৰেপ্তাৰ কৰে অভিযুক্তজনক।

এই প্ৰৱঞ্চনা শংকুমনিয়ে নগাঁও আৰক্ষীৰ আঁৰত কৰিছিল।

পলাতক ড্ৰাগছ ব্যৱসায়ীজনৰ পৰিয়ালক ১ লাখ টকাৰ ধন দাবী কৰিছিল শংকুমণিয়ে।

তাৰে ৬০ হাজাৰ টকা ইতিমধ্যে গ্ৰহণ কৰিছিল অভিযুক্তজনে।

কিন্তু সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ পিছতে এছআই জোনমণি ৰাভাৰ নেতৃত্বত আৰক্ষীয়ে অভিযান চলাই বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰে শংকুমণি গোস্বামীক।

আৰক্ষীয়ে অভিযুক্তৰ বাসগৃহৰ পৰা ৬০ হাজাৰ টকাও উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *