নৱম স্থানপ্ৰাপক অনসূয়া ঠাকুৰীয়াক বিজেপিৰ ৰাণী মণ্ডলৰ  সম্বৰ্ধনা

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ যোৱাকালি ঘোঘিত ফলাফলত গুৱাহাটী মডেল ইংলিছ  স্কুলৰ পৰা অৱতীৰ্ণ হৈ  নৱম স্থান লাভ কৰি পশ্চিম গুৱাহাটীলৈ গৌৰৱ কঢ়িয়াই অনা বাবে অনসূয়া ঠাকুৰীয়াক তেওঁৰ খানামুখস্থিত বাসগৃহত  বিজেপিৰ  ৰাণী  মণ্ডল কমিটিয়ে আজি গামোচা আৰু জাপিৰে বিপুলভাবে সম্বৰ্ধনা জনায় । এই উপলক্ষে অনুষ্ঠিত চমু অনুষ্ঠানত বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক  সদস্য  তথা অসম খনি  উন্নয়ন নিগমৰ উপাধ্যক্ষ অশোক কুমাৰ ভৰালী , গুৱাহাটী মহানগৰ জিলা সমিতিৰ  সভাপতি  তপন চন্দ্ৰ  কলিতা ,  ৰাণী মণ্ডলৰ সভাপতি   হৰকন্ত নাথ , জিলা পৰিষদৰ সদস্য শিখা নাথ চৌধুৰী, যুৱ মৰ্চাৰ সভাপতি  হিতেশ কলিতাকে ধৰি  কেবাজনো  কাৰ্য্যকৰ্তা , অনসূয়াৰ পিতৃ  , অধ্যাপক ডঃ চবিন ঠাকুৰীয়া , মাতৃ , অধ্যাপিকা ডঃ নন্দিতা শৰ্মা ঠাকুৰীয়া , আইতাক পাৰুল ঠাকুৰীয়াকে ধৰি পৰিয়ালৰ কেবাজনো সদস্য উপস্থিত থাকে ।  আনহাতে সম্বৰ্ধনা জনোৱাৰ পাছত ৰাণী মণ্ডল কমিটিয়ে অনসূয়া ঠাকুৰীয়াৰ উজ্বল শৈক্ষিক ভৱিষ্যত কামনা কৰি আগলৈকে যাতে এই ধাৰা অক্ষুণ্ণ ৰাখি সমাজলৈ সেৱা আগবঢ়াব তাৰ বাবে আহ্বান জনায় ।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *