মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অসম কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈৰ মাজত অব্যাহত আছে টুইট যুদ্ধ। মুখ্যমন্ত্ৰীৰ পত্নীৰ বিৰুদ্ধে উত্থাপিত অভিযোগক লৈ হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণ কৰি তেওঁ নৈতিক অপৰাধ সংঘটিত কৰা বুলি মন্তব্য কৰে গৌৰৱ গগৈয়ে।
নিজৰ এক্স হেণ্ডেল (পূৰ্বৰ টুইটাৰ)ত গৌৰৱ গগৈয়ে লিখিছে, “জনমতৰ আদালতত মুখ্যমন্ত্ৰীৰ সৈতে জড়িত এটা প্ৰতিষ্ঠানৰ বাবে ১০ কোটি টকাৰ চৰকাৰী অনুদানৰ অনুমোদন লাভ কৰাটো এটা নৈতিক অপৰাধ।”
দুয়োপক্ষৰ পৰা ‘ধন্যবাদ’ৰ সৈতে তীব্ৰ এক্স যুদ্ধৰ অন্ত পৰাৰ কেইঘণ্টামান পিছতে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ ওপৰত এই নতুন আক্ৰমণ সংঘটিত হয়।
১৪ ছেপ্টেম্বৰত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যৰ কংগ্ৰেছী সাংসদ গৌৰৱ গগৈৰ মাজত শৰ্মাৰ পত্নী ৰিনিকী ভূঞা শৰ্মাক ভূমি কেলেংকাৰীত জড়িত থকাৰ অভিযোগক লৈ ছ’চিয়েল মিডিয়াত হোৱা তৰ্ক-বিতৰ্কই তীব্ৰ ৰূপ ধাৰণ কৰিছিল আৰু দুয়োজনে ব্যক্তিগত আক্ৰমণ চলাইছিল পৰস্পৰক।