নেশ্যনছ লীগ ফুটবলত পোলেণ্ডৰ বিৰুদ্ধে বৃহৎ জয় বেলজিয়ামৰ

বেলজিয়ামে বুধবাৰে পোলেণ্ডৰ বিৰুদ্ধে এটা গ’লত পিছ পৰাৰ পিছত শক্তিশালীভাৱে উভতি আহি নেশ্যনছ লীগ ফুটবল টুৰ্ণামেণ্টত ৬-১ গ’লৰ বৃহৎ বিজয় পঞ্জীয়ন কৰে। কিংবদন্তী খেলুৱৈ ৰবাৰ্ট লেভানডস্কিয়ে পোলেণ্ডৰ হৈ ৭৬ তম গ’ল কৰি তেওঁৰ দলক আগুৱাই নিছিল কিন্তু বেলজিয়ামে তাৰ পিছত লিয়েণ্ড্ৰো ট্ৰোচাৰ্ডৰ (৭৩ তম আৰু ৮০ মিনিট) পৰা দুটা কৈ গ’ল আৰু এক্সেল ৱিটছেল (৪২ মিনিট), কেভিন ডি ব্ৰুন (৫৯ মিনিট), লিয়েণ্ডাৰ ডেণ্ডনকাৰ (৮৩ মিনিট) আৰু লোইচেণ্ডাৰ (৯০ মিনিট)ৰ দ্বাৰা দিয়া এটাকৈ গ’লৰ সহায়ত সহজ জয় লাভ কৰে। বেলজিয়ামৰ খেলুৱৈসকলে শুকুৰবাৰে নেডাৰলেণ্ডৰ বিৰুদ্ধে ৪-১ গ’লৰ পৰাজয়ৰ পোটক তুলিছিল। গ্ৰুপ ডিৰ আন এখন খেলত নেডাৰলেণ্ডে ভোট ৱেঘৰ্ষ্টৰ হেডাৰৰ পৰা এটা গ’লৰ দ্বাৰা ইনজুৰী টাইমৰ চতুৰ্থ মিনিটত ৱেলছক ২-১ গ’লত পৰাস্ত কৰে আৰু দলটো শীৰ্ষস্থানত থাকে। ৫০ মিনিটত টুন কপমেঞ্চাৰ্ছে নেডাৰলেণ্ডক আগুৱাই নিছিল কিন্তু যোৱা সপ্তাহান্তত ৬৪ বছৰৰ পিছত বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰা ৱেলছে ইনজুৰী টাইমৰ দ্বিতীয় মিনিটত সমতা অৰ্জন কৰে। গ্ৰুপ বিত ইউক্ৰেনে আয়াৰলেণ্ডক ১-০ গ’লত পৰাস্ত কৰাৰ উপৰিও স্কটলেণ্ডে আৰ্মেনিয়াক ২-০ গ’লত পৰাস্ত কৰে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *