নৃশংস! ৪ বছৰীয়া পুত্ৰক হত্যা কৰি মৃতদেহ ছুটকেছত ভৰাই গোৱাৰ পৰা কৰ্ণাটক পালে মাতৃ, গ্ৰেপ্তাৰ

মমতাময়ী মাতৃৰ কাহিনীয়ে কুটিল পৃথিৱীতো শান্তিৰ বা বলাই আহিছে শতিকা শতিকা ধৰি। কিন্তু এই পৃথিৱীতে এনে মাতৃও আছে, যাৰ হাততে প্ৰাণ হেৰুৱাবলগীয়া হৈছে সন্তানে। তেনে এগৰাকী পাষাণ মাতৃৰ কাহিনীয়ে শেহতীয়াকৈ স্তম্ভিত কৰি তুলিছে সমগ্ৰ দেশবাসীক। নিজৰ পেটৰ সন্তানটোকে কচাইৰ দৰে হত্যা কৰি মাতৃত্বৰ এক ভূলণ্ঠিত দেখুৱালে সূচনা ছেঠে। গোৱাত সংঘটিত এই ঘটনাই সমগ্ৰ ভাৰতত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য। উল্লেখ্য যে, হত্যাকাৰী মাতৃগৰাকী বেংগালুৰুৰ এটা আৰ্টিফিচিয়েল ইনটেলিজেন্স ষ্টাৰ্ট আপ কোম্পানীৰ চিইঅ’।

আৰক্ষীৰ সূত্ৰ অনুসৰি, স্বামীৰ প্ৰতি থকা ঘৃণাৰ বাবেই পুত্ৰক নিৰ্মমভাৱে হত্যা কৰে ছুটকেছত মৃতদেহ ভৰাই গোৱা এৰিছিল সূচনা ছেঠে। জানিব পৰা মতে, স্বামীৰ সৈতে বিবাহ বিচ্ছেদৰ পিছত অনাকাংক্ষিতভাৱে পুত্ৰৰ দায়িত্ব লাভ কৰিছিল মহিলাগৰাকীয়ে। কিন্তু স্বামী আৰু পুত্ৰ দুয়োৰে সৈতে সম্পৰ্ক চিৰদিনৰ বাবে ছেদ কৰিবলৈ অৱশেষত ৪ বছৰীয়া পুত্ৰক হত্যা কৰে। বৰ্তমান হত্যাকাৰী মাতৃ আৰক্ষীৰ জিম্মাত।

আৰক্ষীৰ মতে, মূলতঃ পশ্চিম বংগৰ নিৱাসী ৩৯ বছৰীয়া সূচনা ছেঠ বেংগালুৰুস্থিত এআই ষ্টাৰ্ট আপৰ চিইঅ’। তেওঁ ৪ বছৰীয়া পুত্ৰৰ সৈতে গোৱা ফুৰিবলৈ আহি ৬ জানুৱাৰীত উত্তৰ গোৱাৰ কেণ্ডোলিমৰ এখন হোটেলত বাহৰ পাতিছিল। সোমবাৰে পুৱা সূচনা ছেঠে হোটেলৰ পৰা চেক আউট কৰে। কিন্তু হোটেলৰ পৰা ওলাই যোৱাৰ সময়ত মহিলাগৰাকীৰ লগত নাছিল সন্তানটো। হোটেলৰ কৰ্মচাৰীয়ে যেতিয়া তেওঁক তেওঁৰ পুত্ৰৰ বিষয়ে সোধে, সেই সময়ত সূচনা ছেঠে অজুহাত দেখুৱায়।

কিন্তু মহিলগৰাকীৰ কথাত সন্দেহ ওপজে হোটেলৰ কৰ্মচাৰীৰ। অৱশ্যে সেই সময়তে তেওঁক নিবলৈ বুকিং কৰা টেক্সিখন হোটেলৰ সন্মুখত ৰোৱাত সূচনা ছেঠে তেওঁৰ প্ৰকাণ্ড ছুটকেছটো টেক্সিত ভৰাই তাৰ পৰা গুচি যায়। কিন্তু মহিলাগৰাকীয়ে হোটেল এৰাৰ পিছত হোটেল কৰ্মচাৰীয়ে সন্দেহবশতঃ তেওঁ থকা কোঠাটোত প্ৰৱেশ কৰাত তেজৰ দাগ প্ৰত্যক্ষ কৰে আৰু লগে লগে আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে তথ্য লাভ কৰি সেই স্থানত উপস্থিত হৈ টেক্সি চালকজনৰ নম্বৰ লয় আৰু তেওঁৰ সৈতে কথা পতাৰ অন্তত মহিলাগৰাকীক অৱগত নকৰাকৈয়ে টেক্সিখন ওচৰৰ আৰক্ষী থানালৈ লৈ যাবলৈ কয়।

আনহাতে গোৱা আৰক্ষীৰ ফোনকল টেক্সি ড্ৰাইভাৰজনে লাভ কৰাৰ সময়লৈকে ইতিমধ্যে কৰ্ণাটকত প্ৰৱেশ কৰিছিল সূচনা ছেঠে। লগে লগে চালকজনে গাড়ীখন ওচৰৰ থানা চিত্ৰদুৰ্গালৈ লৈ যায়। গোৱা আৰক্ষীৰ ইনপুটত কৰ্ণাটক আৰক্ষীয়ে অভিযুক্ত মহিলাগৰাকীক কৰায়ত্ত কৰে আৰু লগতে তেওঁৰ ছুটকেছটো পৰীক্ষা কৰি পুত্ৰৰ মৃতদেহটো উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে জনোৱা মতে, চিইঅ’ সূচনা ছেঠে চোকা অস্ত্ৰৰে পুত্ৰক হত্যা কৰিছিল। আৰক্ষীয়ে অভিযুক্ত মহিলাগৰাকীক জিম্মাত লৈছে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *