নুহ সংঘৰ্ষৰ পিছতে হাৰিয়ানা চৰকাৰৰ ‘বুলডজাৰ’ অভিযান! স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ

সোমবাৰে পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ে নুহত হাৰিয়ানা চৰকাৰৰ বুলডজাৰ কাৰ্য স্থগিত ৰখাৰ নিৰ্দেশ জাৰি কৰে। সাম্প্ৰদায়িক হিংসাত জৰ্জৰ নুহত চতুৰ্থ দিনাও চৰকাৰে বুলডজাৰ চলাই ১৫০ টাতকৈ অধিক ব্যৱসায়িক প্ৰতিষ্ঠান আৰু অন্য বাসগৃহ ভাঙি পেলাইছিল।

৩১ জুলাইত হিংসাত্মক পৰিস্থিতিৰ সময়ত শিলগুটি নিক্ষেপ কৰাৰ অভিযোগত ৰেষ্টুৰেণ্ট-হোটেল আৰু টাইলছ শ্ব’ৰুমৰ বিৰুদ্ধেও হাৰিয়ানা চৰকাৰে বুলডজাৰৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছিল।

হিন্দু ধৰ্মীয় শোভাযাত্ৰাত আক্ৰমণৰ পিছতে নুহত সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি হয়। শোভাযাত্ৰাত অংশগ্ৰহণ কৰা লোকসকলে দাবী কৰে যে শোভাযাত্ৰাটোত শিলগুটি নিক্ষেপ কৰা হৈছিল আৰু তেওঁলোকে পূৰ্ব পৰিকল্পিত আক্ৰমণৰ দৰে দেখা যোৱা ভিৰটোক লক্ষ্য কৰি লোৱা হৈছিল।

গুৰুগ্ৰাম, পালৱাল, ফৰিদাবাদৰ দৰে হাৰিয়ানাৰ আন আন প্ৰান্তলৈও এই হিংসা বিয়পি পৰিছিল। হিংসাত্মক ঘটনা আৰু সংঘৰ্ষত দুজন পুলিচকে ধৰি কমেও ৬ জন লোক নিহত হয়।

হাৰিয়ানাৰ গৃহমন্ত্ৰী অনিল বিজে এই সংঘৰ্ষক “ষড়যন্ত্ৰ” বুলি অভিহিত কৰে আৰু বুলডজাৰৰ এই কাৰ্যক চিকিৎসাৰ অংশ বুলিও অভিহিত কৰে।

এটা খবৰ অনুসৰি যদিও এই কাঠামোসমূহত বাস কৰা লোকসকল সংঘৰ্ষত জড়িত হোৱাৰ সন্দেহ কৰা হৈছিল, প্ৰশাসনে বাসগৃহ আৰু অন্য প্ৰতিষ্ঠান ভাঙি পেলোৱাৰ আনুষ্ঠানিক কাৰণটো বেদখল বুলিহে উল্লেখ কৰে।

ইফালে ইণ্টাৰনেট বন্ধ হৈ আছে আৰু সীমিত শিথিলতাৰে নুহত সান্ধ্য আইন প্ৰণয়ন কৰা হৈছে। ইতিমধ্যে উত্তেজনাপূৰ্ণ অঞ্চলটোৰ আইন-শৃংখলাৰ পৰিস্থিতিত বিৰূপ প্ৰভাৱ পেলাব পৰা কোনো ধৰণৰ ৰ’ম’ৰিংৰ পৰা হাত সাৰিবলৈ ইণ্টাৰনেট নিলম্বন কৰা হৈছে বুলি চৰকাৰে কয়। ভাঙি পেলোৱা অভিযানৰ পিছত গৃহহীন হৈ পৰা বস্তিবাসীৰ অধিকাংশই পশ্চিমবংগ আৰু অসমৰ থলুৱা৷

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *