নীলা ছবিৰ প্ৰতি কিশোৰ পুত্ৰৰ আসক্তি! ক্ষুব্ধ হৈ পিতৃয়ে বিহিলে মৃত্যুদণ্ডৰ শাস্তি

মোবাইলত ব্লু ফিল্ম চোৱাৰ বাবেই নিজৰ ১৪ বছৰীয়া সন্তানক মৃত্যুৰ শাস্তি বিহিলে এজন পিতৃয়ে। মহাৰাষ্ট্ৰৰ সোলাপুৰত সংঘটিত এই ঘটনা পোহৰলৈ অহাৰ পিছতে সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। নীলা ছবিৰ প্ৰতি পুত্ৰৰ আসক্তিত বিৰক্ত হৈ অৱশেষত বিষ খুৱাই ১৪ বছৰীয়া কিশোৰজনক হত্যা কৰি মৃতদেহ পেলাই দিয়ে নলাত।

আৰক্ষীয়ে জনোৱা মতে, পেছাত দৰ্জী বিজয় বাট্টুৰ ১৪ বছৰীয়া জ্যেষ্ঠ পুত্ৰ বিশাল নীলা ছবি চোৱাৰ প্ৰতি আসক্ত হৈ পৰিছিল। বিদ্যালয়লৈ বুলি ওলাই গৈ বন্ধুৰ সৈতে নীলা ছবি উপভোগ কৰিবলৈ আৰম্ভ কৰিছিল বিশালে। আনহাতে ছোৱালী সহপাঠীৰ সৈতে অশ্লীল আচৰণ কৰাৰ বিষয়েও বিদ্যালয় কৰ্তৃপক্ষৰ পৰা কেইবাবাৰো অভিযোগ লাভ কৰিবলগীয়া হৈছিল পিতৃ বিজয়ে।

এনে কাৰণতে পুত্ৰৰ প্ৰতি ক্ষুব্ধ হৈ পৰে পিতৃ। ১৩ জানুৱাৰীত পিতৃয়ে বিশালক এঠাইলৈ ফুৰাবলৈ নিম বুলি বাইকত উঠাই লৈ যায় আৰু এক নিৰ্জন স্থানত পানীৰ সৈতে বিহ মিহলাই খুৱায়।

তাৰ পিছতে বিশালৰ মৃতদেহটো নলাত পেলাই থৈ আহে বিজয় বাট্টুৱে। ঘৰলৈ আহি মিছাকৈয়ে পুত্ৰৰ বিচাৰ-খোচাৰ আৰম্ভ কৰি পত্নীৰ সৈতে আৰক্ষী থানাতো এজাহাৰ দাখিল কৰিবলৈ যায় বিজয়।

কিন্তু ঘটণাৰ তদন্তৰ সময়ত পিতৃ বিজয় বাট্টুৰ কথাৰ ওপৰত আৰক্ষীৰ সন্দেহ হোৱাত সোধা-পোছা আৰম্ভ কৰে আৰু তাৰ পিছতে পোহৰলৈ আহে এই ভয়ংকৰ কাণ্ড। ইতিমধ্যে আৰক্ষীয়ে ১৪ বছৰীয়া কিশোৰজনৰ মৃতদেহ উদ্ধাৰ কৰি হত্যাকাৰী পিতৃক গ্ৰেপ্তাৰ কৰিছে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *