দক্ষিণ ভাৰতৰ তামিলনাডু ৰাজ্যত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা।
ৰাজ্যখনৰ চেংগলপট্টুৰ সমীপত নিয়ন্ত্ৰণহীন হৈ খাৱৈত বাগৰি পৰে এখন বাছ।
এই ভয়ংকৰ দুৰ্ঘটনাত থিতাতে মৃত্যু এজন লোকৰ, আনফালে আহত হৈছে কুৰি জনৰো অধিক যাত্ৰী।
বৰ্তমান সময়ত বাছখন ক’ৰ পৰা আহিছিল আৰু ক’লৈ গৈ আছিল সেই সম্পৰ্কে তথ্য লাভ কৰিব পৰা হোৱা নাই।
দুৰ্ঘটনাৰ খবৰ লাভৰ পিছতে ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ আহত সকলক উদ্ধাৰ কৰি প্ৰেৰণ কৰে হাস্পতাললৈ।