নিশা দুৰ্ঘটনাত পতিত হৈ কৰুণ মৃত্যু নগাঁও থানাৰ মৰিকলং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জোনমণি ৰাভাৰ।
নিশা জখলাবন্ধাৰ সমীপত সৰুভগীয়াত সংঘটিত হয় দুৰ্ঘটনা।
এছআই জোণমনি ৰাভাৰ মাৰুতী বাহনখনৰ সৈতে এখন কণ্টেইনাৰ ট্ৰাকৰ সংঘৰ্ষ ঘটাত থিতাতে মৃত্যু ঘটে আৰক্ষী বিষয়াগৰাকীৰ।
জানিব পৰা মতে, নিশা নগাঁৱৰ পৰা যোৰহাট অভিমুখে গৈ আছিল জোনমণি ৰাভা।
সেই সময়তে নিশা প্ৰায় ২ বজাত বিপৰীত দিশৰ পৰা আহি থকা কণ্টেইনাৰ ট্ৰাকখনৰ সৈতে সংঘৰ্ষ ঘটে।
ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।