নিশা তিনি মহলীয়া অট্টালিকা খহি মৃত্যু কণমানি ভাতৃ-ভগ্নীসহ ৩ জনৰ…

শুই থকা সময়তে মাজনিশা হঠাৎ এটা তিনি মহলীয়া অট্টালিকা খহি পৰাত দুই শিশুসহ ৩ জনৰ মৃত্যু ঘটাৰ বিপৰীতে আহত হয় আন ৬ জন লোক।

এই মৰ্মান্তিক ঘটনা সংঘটিত হৈছে অন্ধ্ৰ প্ৰদেশৰ বিশাখাপট্টনমৰ ৰামাজোগীপেটাত।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, পুৱতি নিশা প্ৰায় ২ বজাত হঠাৎ খহি পৰে তিনি মহলীয়া অট্টালিকাটো।

এই ঘটনাৰ খবৰ লাভৰ পিছতে ঘটনাস্থলীত উদ্ধাৰকাৰী দল উপস্থিত হৈ ৬ জন আহতক উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰে।

দুৰ্ঘটনাত নিহত তিনিজনক সাকেতি অঞ্জলি (১৪), সাকেতি দুৰ্গাপ্ৰসাদ (১৬) আৰু চথুৰ (৩৫) বুলি চিনাক্ত কৰা হৈছে।

নিহত অঞ্জলি আৰু দুৰ্গাপ্ৰসাদ ভাতৃ-ভগ্নী হোৱাৰ বিপৰীতে বিহাৰৰ নিৱাসী চথুৰ অট্টালিকাটোৰ তলৰ মহলাত থকা এখন ৰেষ্টুৰেণ্টত কৰ্মৰত আছিল।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, অট্টালিকাটোৰ একেবাৰে কাষৰ মাটিখিনি গৰাকীয়ে খন্দাৰ বাবে অট্টালিকাটোৰ ভেটিটো দুৰ্বল হৈ পৰিছিল। যাৰ বাবে এই দুৰ্ঘটনা সংঘটিত হয়।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *