নিলম্বিত আই এ এছ বিষয়া পূজা সিংঘাল বিৰুদ্ধে মানি লণ্ডাৰিঙৰ তদন্ত অব্যাহত।
তদন্তৰ মাজতে শুকুৰবাৰে নিলম্বিত বিষয়াগৰাকীৰ সৈতে সম্পৰ্কিত ৩ কোটি টকা নগদ ধন জব্দ ইডিৰ।
ঝাৰখণ্ডৰ হাজাৰীবাগ জিলাৰ এটা স্থানত তালাচীৰ সময়ত ইডিয়ে ৩ কোটি টকাৰ নগদ ধন জব্দ কৰে।
জানিব পৰা মতে, মহম্মদ আনছাৰী নামৰ এজন ব্যক্তিৰ চৌহদৰ পৰা ৫০০ আৰু ২০০০ টকীয়া নোটৰ এই বৃহৎ পৰিমাণৰ ধন জব্দ কৰিবলৈ সক্ষম হয়।