আমাজন ইণ্ডিয়াৰ হৈ নিয়েলছন মিডিয়া ইণ্ডিয়াই কৰা এক অধ্যয়নত দেখা গৈছে যে ভাৰতীয় গ্ৰাহকসকল ফেষ্টিভ ছিজন(উৎসৱৰ বতৰ)ত অনলাইন শ্বপিঙৰ প্ৰতি উৎসাহী, ৮১% গ্ৰাহকে প্ৰবল আৱেগ আৰু ৭৮% লোকে অনলাইন শ্বপিঙত বিশ্বাস কৰে আৰু দুজন লোকৰ ভিতৰত এজনে খৰচ বৃদ্ধি কৰিব বিচাৰে। এই অধ্যয়নে প্ৰকাশ কৰিছে যে গ্ৰাহকসকলে অনলাইন শ্বপিঙত এক বিস্তৃত বাছনি, প্ৰতিযোগিতামূলক মূল্য নিৰ্ধাৰণ আৰু সহজ ৰিটাৰ্ণ আৰু বিনিময় আশা কৰে।
Amazon.in হৈছে ৬৮% গ্ৰাহকৰ বাবে গন্তব্যস্থান, প্ৰায় আধাসংখ্যক লোকে ইয়াক উৎসৱৰ বজাৰ(ফেষ্টিভ ছিজন)ৰ বাবে আটাইতকৈ বিশ্বাসযোগ্য ব্ৰেণ্ড হিচাপে চিনাক্ত কৰিছে। ইয়াৰ উপৰিও ৭৫% লোকে Amazon.in ত বহল পৰিসৰৰ সামগ্ৰী আৰু ব্ৰেণ্ড বিচাৰে। ভাৰতৰ আটাইতকৈ বিশ্বাসযোগ্য আৰু প্ৰিয় অনলাইন শ্বপিং গন্তব্যস্থানত পৰিণত হৈছে Amazon.in, ৬৮% গ্ৰাহকে ইয়াক সুবিধাজনক আৰু ফেষ্টিভ শ্বপিং কৰাৰ কৰাৰ বাবে শীৰ্ষ পছন্দ ৰূপে বিবেচনা কৰিছে। বিভিন্ন ধৰণৰ সামগ্ৰী আৰু ব্ৰেণ্ডৰ সৈতে ৭৫% গ্ৰাহকে ইয়াক বিবিধ শিতানসমূহৰ মাজত পছন্দ কৰা বুলি বিবেচনা কৰে।
এই সন্দৰ্ভত এমাজন ইণ্ডিয়াৰ কনজিউমাৰ বিজনেছৰ মেনেজাৰ মনীষ তিৱাৰীয়ে কয় যে, “এক বজাৰ হিচাপে আমি আমাৰ বিক্ৰেতা আৰু গ্ৰাহকসকলৰ বাবে উৎসাহী আৰু আত্মবিশ্বাসী যে ‘এমাজন গ্ৰেট ইণ্ডিয়া ফেষ্টিভেল ২০২৩’-এ এক নিৰৱচ্ছিন্ন বজাৰ অভিজ্ঞতা, অবিশ্বাস্য মূল্য, ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় ব্ৰেণ্ড আৰু সামগ্ৰীৰ সৰ্বাধিক বাছনি আৰু সমগ্ৰ ভাৰতৰ গ্ৰাহকসকলৰ বাবে অতুলনীয় সুবিধা প্ৰদান কৰিব।”