নিছান মেগনাইটৰ উৎপাদনে অতিক্ৰম কৰিলে ১ লাখৰ সীমা

নিছান মটৰ ইণ্ডিয়া প্ৰাইভেট লিমিটেডে চেন্নাইৰ এলায়েন্স প্লাণ্টৰ পৰা ১০০,০০০ মেগনাইটৰ উৎপাদনৰ কথা ঘোষণা কৰিছে। নিছান মটৰ ইণ্ডিয়াৰ উৎপাদন দৰ্শন মেগনাইটত প্ৰতিফলিত হৈছে “মেক-ইন-ইণ্ডিয়া, মেক ফৰ দ্য ৱৰ্ল্ড”। ২০২০ চনৰ ডিচেম্বৰ মাহত মুকলি হোৱাৰ পিছৰে পৰা গ্ৰাহকৰ মাজত সমাদৰ লাভ কৰিছে মেগনাইটে। নিছান মটৰ ইণ্ডিয়াই জাপানী থিয়েটাৰ আৰু ইয়াৰ অভিব্যক্তিপূৰ্ণ সংগীতৰ বিষয়বস্তুৰ দ্বাৰা অনুপ্ৰাণিত হৈ মেগনাইট GEZA স্পেচিয়েল সংস্কৰণ মুকলি কৰিছে।

নিছান মটৰ ইণ্ডিয়াই ইয়াৰ চেন্নাই প্লাণ্টৰ পৰা এক মিলিয়নতকৈ অধিক বাহন ৰপ্তানি কৰিছে। অষ্ট্ৰেলিয়া, নিউজিলেণ্ড আৰু মধ্যপ্ৰাচ্য তথা ইউৰোপ, লেটিন আমেৰিকা, দক্ষিণ-পূব এছিয়া, ছাৰ্ক দেশসমূহ, উপ-চাহাৰা আৰু আফ্ৰিকা মহাদেশৰ বিভিন্ন দেশৰ ১০৮টা গন্তব্যস্থানলৈ ৰপ্তানি কৰিছে বাহন। শেহতীয়াকৈ ভাৰতৰ পৰা ৰপ্তানিৰ ক্ষেত্ৰত ইয়াৰ অৱদানৰ বাবে দেশৰ শুল্ক বিভাগৰ চেন্নাই কাৰ্যালয়ৰ মুখ্য আয়ুক্তই স্বীকৃতি প্ৰদান কৰিছে, “মেক ইন ইণ্ডিয়া, মেক ফৰ দ্য ৱৰ্ল্ড”ৰ প্ৰতি আগবঢ়োৱা প্ৰতিশ্ৰুতিৰ বাবে স্বীকৃতি লাভ কৰিছে নিছান মটৰ ইণ্ডিয়াই।

এই বিষয়ে সদৰি কৰি ৰেন’ল্ট নিছান অটোমোটিভ ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ MD কীৰ্তি প্ৰকাশে কয় যে,’ নিছান মেগনাইটৰ ১ লাখ উৎপাদন নিছান পৰিয়ালৰ বাবে এক গৌৰৱৰ মুহূৰ্ত। এয়া নিছানৰ ‘মেক ইন ইণ্ডিয়া, মেক ফৰ দ্য ৱৰ্ল্ড’ৰ প্ৰতিশ্ৰুতিৰ এক উল্লেখযোগ্য মাইলষ্টন।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *