ধৰ্ম সলনি কৰিলেই পলায়ন কৰিব ভূতে! হিন্দু মহিলাক ধৰ্মান্তৰকৰণ কৰি গ্ৰেপ্তাৰ মৌলবী

ধৰ্ম সলনি কৰিলেই পলায়ন কৰিব ভূতে! মৌলৱীয়ে এনে কথাৰ প্ৰচাৰ কৰিয়েই হিন্দুৰ পৰা ইছলাম ধৰ্মলৈ ধৰ্মান্তৰকৰণ কৰি অহা অভিযোগ উত্থাপন হৈছে। উত্তৰ প্ৰদেশৰ বাসিন্দা এই ব্যক্তিজনক নিজ অঞ্চলত ভূত-প্ৰেত খেদা ওজা বুলি জনা যায়। শেহতীয়াকৈ এগৰাকী মহিলাই অদ্ভুত আচৰণ কৰিছিল। মাজে মাজে হঁহা-কন্দা কৰা মহিলাগৰাকীক ভূতে লম্ভা বুলি বিশ্বাস কৰি মৌলবীজনৰ ওচৰ পায় পৰিয়ালৰ লোক। অভিযোগ অনুসৰি মৌলবীয়ে ভূত-প্ৰেত খেদাৰ নামত মহিলাগৰাকীৰ ধৰ্ম সলনি কৰিছিল। ইয়াৰ পিছতে মহিলাগৰাকীৰ পুত্ৰৰ এজাহাৰৰ ভিত্তিত অভিযুক্তক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

আৰক্ষীৰ তথ্য অনুসৰি অভিযুক্ত মৌলবীৰৰ নাম ছৰফৰাজ। অক্ষয় শ্ৰীবাস্তৱ নামৰ এজন ব্যক্তিয়ে তেওঁৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। স্থানীয় থানাত দাখিল কৰা এজাহাৰত অক্ষয়ে কয় যে ২০১৭ চনৰ পৰা তেওঁৰ মাতৃ মিনু (৪৫) শাৰীৰিক আৰু মানসিক ৰোগত আক্ৰান্ত হৈ আছে। ওচৰ চুবুৰীয়াৰ পৰামৰ্শ মতে মৌলৱী ছৰফৰাজৰ ওচৰলৈ গৈছিল মিনু।

অভিযোগ অনুসৰি মৌলবীজনে প্ৰথমে ঘৰৰ পৰা দেৱ-দেৱীৰ প্ৰতিমূৰ্তি আঁতৰাই ভূত-প্ৰেত খেদি পঠিয়াবলৈ কয়। যেতিয়া মিনুৱে তেনেকুৱা কৰিলে তেতিয়া তেওঁক ইছলাম ধৰ্মৰ দীক্ষা দিয়া হ’ল। আনকি ছৰফৰাজে মিনুৰ পুত্ৰ আৰু পৰিয়ালৰ আন লোকসকলকো ধৰ্ম সলনি কৰিবলৈও হেঁচা প্ৰয়োগ কৰিছিল। এচিপি ৰবি কুমাৰ সিঙে কয় যে ছৰফৰাজক গ্ৰেপ্তাৰ কৰা হৈছে। জেৰাৰ সময়ত অভিযুক্তই স্বীকাৰ কৰিছিল যে তেওঁ যোৱা আঠ বছৰ ধৰি ওজাৰ কাম কৰি আছিল। ইয়াৰ আগতেও তেওঁ ভূত-প্ৰেত খেদাৰ নামত ধৰ্মান্তৰকৰণ কৰিছিল। অভিযুক্তৰ বিৰুদ্ধে অবৈধ ধৰ্মান্তৰকৰণ আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *