ধুবুৰীৰ মোজেৰ আলী হত্যাকাণ্ড! ৯ হত্যাকাৰীক যাৱজ্জীৱন কাৰাদণ্ড আদালতৰ

এজন ব্যক্তিৰ হত্যাৰ গোচৰত দোষী সাব্যস্ত কৰি ধুবুৰী জিলাৰ বিলাসীপাৰাৰ ৯ জন লোকক আদালতে আজি যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তিৰ লগতে ১০ হাজাৰ টকাকৈ জৰিমণা বিহে।

২০০৯ চনৰ ১১ নৱেম্বৰত ধুবুৰী জিলাৰ নোটাপাৰাত সংঘটিত মোজেৰ আলী নামৰ ব্যক্তিজনৰ নৃশংস হত্যাকাণ্ডৰ ৰায় প্ৰদান কৰি দোষীক এই শাস্তি বিহে আদালতে।

উল্লেখ্য যে, শিলৰ কুঁৱেৰীক লৈ সূত্ৰপাত ঘটা সংঘাতৰ পিছতে মোজেৰ আলীক নৃশংসভাৱে হত্যা কৰিছিল আজাদ আলী, চাহিদুল হোক, জাহানুদ্দিন, জামালুদ্দিন, মজিবৰ ৰহমান, ওছমান আলী, নুৰতাজ আলী, আজিবৰ ৰহমান আৰু কাছেৰ আলীয়ে।

মোজেৰ আলীৰ ভাতৃ মেহেৰ জামালে এই হত্যাকাণ্ড সন্দৰ্ভত এজাহাৰ দাখিল কৰাৰ পিছতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি গ্ৰেপ্তাৰ কৰিছিল ৯ অভিযুক্তক।

ইফালে আজি আদালতে দোষী কেইজনক কাৰাদণ্ডৰ শাস্তি বিহি জৰিমণা ভৰিব নোৱাৰিলে অতিৰিক্ত দুমাহ কাৰাদণ্ডৰ নিৰ্দেশ দিয়ে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *