ধিঙত উৎকোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ লাট মণ্ডল আৰু তৰণী…

ৰাজ্যত পুনৰ ঘোচকাণ্ড।

এইবাৰ নগাঁও জিলাৰ ধিং ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত চলিল দুৰ্নীতি নিবাৰক শাখাৰ অভিযান।

অভিযানত পুনৰ গ্ৰেপ্তাৰ হ’ল এজন ঘোচখোৰ লাট মণ্ডল।

মাটিৰ মিউটেশ্যনৰ নামত উৎকোচ দাবী কৰি হাতে-লোটে গ্ৰেপ্তাৰ লাট মণ্ডল পিনাকি দেৱনাথ।

ইফালে লাট মণ্ডলজনৰ হৈ অভিযোগকাৰীৰ পৰা এই ধন ল’বলৈ গৈ একেলগে গ্ৰেপ্তাৰ হ’ল এজন তৰণীও।

ধৃত তৰণীজনৰ নাম আমৰান আলী।

লাট মণ্ডল পিনাকি দেৱনাথৰ হৈ মধ্যস্থতাকাৰী ৰূপে ঘোচ লৈছিল তৰণী আমৰান আলীয়ে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *