ধনদা বৰুৱাৰ দুখন গ্ৰন্থ উন্মোচন

গুৱাহাটী প্ৰেছ ক্লাবত বুধবাৰে উন্মোচন কৰা হয় লেখিকা ধনদা বৰুৱাৰ দুখনকৈ  পুথি।কিমান ঘন হ’লে চাদৰেৰে ঢাকিব পাৰি বৰষুণ আৰু শিশুগ্ৰন্থ এজাক মৌ-মাখিৰ গুণগুণনি । নগাঁৱৰ আনন্দ  প্ৰকাশক আমিনুৰ ৰহমান  উপস্থিত থকা সভাত পাৰ্থপ্ৰতীম শৰ্মাই উদ্দেশ্য ব্যাখ্যা কৰে। বিদিশা ডেকাই সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ গীত পৰিবেশন কৰি সৌস্তৱ বৃদ্ধি কৰে।ধনদা বৰুৱাই গ্ৰন্থ দুখনৰ সৃষ্টিৰ আঁৰৰ কথা অৱগত কৰে।গ্ৰন্থ উন্মোচন কৰি প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াই কয়,মই একোৱেই নহয়। কবি, গল্পকাৰ, সাহিত্যিক।অসমত লেখক-লেখিকাৰ পাঁচটামান শ্ৰেণী আছে।বহুতেই উদ্দেশ্যবিহীনভাৱে লিখি থাকে। এচামে প্ৰচুৰ অধ্যয়ণ কৰে। কোনোৱাই পঢ়ে নপঢ়ে সেয়া ভাবিবৰ সময় নাই। এচাম ধনী লেখক থাকে। ধনী চাম লেখকে ঠিকা দিয়ে লিখিবলৈ। ঠিকাদাৰী লেখকে । এচামে পদবী-সন্মান ভাৱমূৰ্তিৰ বাবে লিখে। সাহিত্য সভাৰ পদবীৰ বাবে এচামে লিখে। চাকৰি কালত দুৰ্নীতিত লিপ্ত এচামে অৱসৰৰ পাচত লিখি ভাৱমূৰ্তি উজ্বল কৰিব বিচাৰে। এচামে বঁটা- বাহনৰ বাবে সাহিত্য চৰ্চা কৰে। আজিকালি সাহিত্যৰ বঁটাৰ পাবলৈ কেম্পেইন কৰে। এচামে সেৱাৰ মনোভাৱেৰে লিখে।সমাজখনক কিবা দিয়াৰ বাবে লিখে। ধনদা বৰুৱাক তেনে লেখিকা হ’ব বুলি শইকীয়াই আশা প্ৰকাশ কৰে।বাইদেউৰ লেখাত পৰিপক্কতা ফুটি উঠিছে। বিশিষ্ট কবি আনিছ উজ জামানে ধনদা বৰুৱাৰ লেখাক উচ্চ প্ৰশংসা কৰি দুখন গ্ৰন্থৰ শিৰোনামতে কাবিকত্য থকাৰ কথা উল্লেখ কৰে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *