আকাশ মাধৱালৰ কেৰিয়াৰৰ শ্ৰেষ্ঠ বলিঙৰ সহায়ত বুধবাৰে ইয়াত অনুষ্ঠিত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ এলিমিনেটৰ মেচখনত মুম্বাই ইণ্ডিয়ানছে লক্ষ্ণৌ ছুপাৰ জায়ান্টছৰ বিৰুদ্ধে বৃহৎ জয় লাভ কৰে। আনহাতে, মুম্বাইৰ হাতত ৮১ ৰানত পৰাস্ত হোৱা লক্ষ্ণৌ ছুপাৰ জায়ান্টছ এই পৰাজয়ৰ সৈতে আইপিএলৰ পৰা বাহিৰ হয়। মুম্বাইৰ ১৮৩ ৰানৰ টাৰ্গেট অনুসৰণ কৰি ছুপাৰ জায়ান্টছ বাহিনী ১৬.৩ অভাৰত মাধৱাল (পাঁচ ৰানত পাঁচটা উইকেট)ৰ সুন্দৰ বলিংৰ সন্মুখত ১০১ ৰানত অলআউট হয়। মাৰ্কাছ ষ্টইনিছৰ (৪০) বাহিৰে আন কোনো ছুপাৰ জায়ান্টছ বেটছমেনে ভাল খেলিব নোৱাৰিলে। দলটোৰ তিনিজন বেটছমেন ৰান আউট হয়। ইয়াৰ পূৰ্বে কেমেৰুন গ্ৰীণ (৪১) আৰু সূৰ্যকুমাৰ যাদৱে (৩৩) দুয়োজনৰ মাজত তৃতীয় উইকেটৰ বাবে ৬৬ ৰানৰ অংশীদাৰীত্বৰ সৈতে আঠ উইকেটত ১৮২ ৰান সংগ্ৰহ কৰে। তিলক বাৰ্মা (২২ টা বলত ২৬ ৰান) আৰু নিহাল ৱাধেৰাই (১২ টা বলত ২৩ ৰান) উপযোগী ইনিংছ খেলিছিল। নবীন-উল-হক ছুপাৰ জায়ান্টছৰ হৈ আটাইতকৈ সফল বলাৰ আছিল, যিয়ে ৩৮ ৰানত চাৰিটা উইকেট দখল কৰিছিল। যশ ঠাকুৰেও ৩৪ ৰানত তিনিটা উইকেট দখল কৰিছিল। মুম্বাইয়ে এতিয়া ২৬ মে’ত আহমেদাবাদত দ্বিতীয় কোৱালিফায়াৰত ডিফেণ্ডিং চেম্পিয়ন গুজৰাট টাইটানছৰ বিৰুদ্ধে খেলিব।