ভাৰতীয় ক্ৰিকেট দলৰ খেলুৱৈ ঋষভ পন্তৰ গাড়ী দিল্লীৰ পৰা ঘৰলৈ উভতি অহাৰ সময়ত এক ডাঙৰ দুৰ্ঘটনাত পতিত হয়। তেওঁৰ গাড়ীখন ৰুৰকীৰ নৰচান সীমান্তৰ হাম্মাদপুৰ ঝালৰ ওচৰত দুৰ্ঘটনাত পতিত হয়। দুৰ্ঘটনাত পতিত হোৱা গাড়ীৰ গিলাচ ভাঙি তেওঁক সময়মতে বাহিৰলৈ উলিয়াই অনা হৈছিল। যাৰ পিছত গাড়ীখন অগ্নিদগ্ধ হয়। গাড়ীখনত ঋষভ অকলে আছিল, তেওঁ নিজেই গাড়ী চলাই আছিল। ক্ৰিকেটাৰ ঋষভৰ গাড়ী খন দুৰ্ঘটনাগ্ৰস্ত হোৱা ঠাইখন হৈছে ব্লেকস্পট। দুৰ্ঘটনাটোৰ কাৰণ টোপনি যোৱা বুলি অনুমান কৰা হৈছে। তেওঁক ডেৰাডুনৰ মেক্স চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে, য’ত তেওঁৰ চিকিৎসা চলি আছে। মেক্স হস্পিটেলৰ চিকিৎসা অধীক্ষক ডাঃ আশীষ য়াগনিকে ভাৰতীয় ক্ৰিকেটাৰ ঋষভ পন্তৰ বিষয়ে কয় যে তেওঁ বাহিৰৰ পৰা কোনো গুৰুতৰ আঘাত পোৱা নাই। তেওঁ কঁকাল, মুৰ আৰু ভৰিৰ আঘাত পোৱা বুলি কৈছে। অৰ্থোপেডিক চাৰ্জন, প্লাষ্টিক চাৰ্জন, চিকিৎসকসহ চিকিৎসকৰ এটা দল তেওঁৰ চিকিৎসাত নিয়োজিত হৈ আছে। আনহাতে, ঋষভ পন্তৰ পৰিয়ালো চিকিৎসালয়ত উপস্থিত হৈছে।
দুৰ্ঘটনাত পতিত ক্ৰিকেটাৰ ঋষভ পন্ত
