দুবছৰৰ পিছত টেনিছ প্ৰতিযোগিতাৰ ফাইনেলত ষ্টেফানোছ চিটচিপাছ

বিশ্বৰ শীৰ্ষ নম্বৰৰ দানিল মেদভেদেভ ছিনচিনাটি অ’পেনৰ ছেমি ফাইনেলত গ্ৰীচৰ চাৰি নম্বৰ ষ্টেফানোছ চিটচিপাছৰ হাতত ৬-৭ (৭/৪), ৬-৩, ৩-৬ ব্যৱধানত পৰাজিত হয়। আনখন ছেমি ফাইনেলত ১৫২ তম স্থানপ্ৰাপ্ত ক্ৰোৱেছিয়াৰ বৰ্ণা ক’ৰিকে বিশ্বৰ ৯ নম্বৰ ব্ৰিটেইনৰ কেমেৰুন নুৰীক ৬-৩, ৬-৪ ত পৰাস্ত কৰে। চিটচিপাছে দুবছৰৰ ভিতৰত প্ৰথমবাৰৰ বাবে এখন প্ৰতিযোগিতাৰ ফাইনেলত উপনীত হৈছে। ইয়াৰ আগতে, তেওঁ ছেমি ফাইনেলৰ বাহিৰত আগবাঢ়িব পৰা নাছিল। মহিলাসকলৰ ভিতৰত চেক গণৰাজ্যৰ পেট্ৰা কুইটোভাই আমেৰিকান মেডিচন কীজক ৬-৭ (৬) ৬-৪ ৬-৩ ব্যৱধানত পৰাস্ত কৰি ৱেষ্টাৰ্ণ এণ্ড চাউদাৰ্ণ অ’পেনৰ (ছিনচিনাটি) ফাইনেলত উপনীত হয়। ইয়াৰ পূৰ্বে দুবাৰৰ উইম্বলডন চেম্পিয়ন কুইটোভাই দহখন টুৰ্ণামেণ্টত ছেমি ফাইনেলৰ বাহিৰত অগ্ৰগতি লাভ কৰিবলৈ অসমৰ্থ হৈছিল। এইটো কুইটোভাৰ কেৰিয়াৰৰ ৪০ তম ফাইনেল।

মেডিছনক পৰাস্ত কৰাৰ পিছত কুইটোভাই কয়, ‘মই এতিয়ালৈকে বহুতো ফাইনেল খেলিছো, কিন্তু ইয়াত মই প্ৰথমবাৰৰ বাবে খিতাপ মেচখন খেলিম।’ তেওঁ ফাইনেলত ফ্ৰান্সৰ কেৰোলিন গাৰ্ছিয়াৰ মুখামুখি হ’ব। গৰ্চিয়া হৈছে ছিনচিনাটি ফাইনেলত উপনীত হোৱা প্ৰথম কোৱালিফায়াৰ। ছেমি ফাইনেলত গাৰ্চিয়াই ষষ্ঠ শ্ৰেণীৰ আৰ্যনা চাবালেঙ্কাক ৬-২ ৪-৬ ৬-১ ব্যৱধানত পৰাস্ত কৰে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *