দুখন বাছৰ মাজত ভয়ংকৰ সংঘৰ্ষ, ৫ জনৰ মৃত্যু, আহত ৬০ জন

তামিলনাডুত দুখন বাছৰ সংঘৰ্ষত ৫ জন লোকৰ মৃত্যু। লগতে এই দুৰ্ঘটনাত ৬০ জন লোক আহত হোৱাৰ খবৰ। আহতসকলক তিৰুপট্টৰ জিলাৰ ৱনিয়াম্বাদী চৰকাৰী চিকিৎসালয় আৰু ভেল্লোৰৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

আৰক্ষীৰ তথ্য অনুসৰি শনিবাৰে পুৱা চেন্নাই-বাংগালুৰু ৰাষ্ট্ৰীয় ঘাইপথত চৰকাৰী বাছ আৰু আন এখন বাছৰ মাজত মুখামুখি সংঘৰ্ষত কমেও পাঁচজন লোকৰ মৃত্যু হয়। সংবাদ সংস্থা পিটিআইৰ তথ্য অনুসৰি দুয়োখন বাছৰ সন্মুখৰ অংশ সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হৈছে। ঘটনাস্থলীত দহখন এম্বুলেন্সৰ জৰিয়তে আহতসকলক চিকিৎসালয়লৈ নিয়াৰ ক্ষেত্ৰত আৰক্ষীয়ে সহায় কৰিছিল বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিছে।

আৰক্ষীৰ তথ্য অনুসৰি নিহত লোকসকলৰ ভিতৰত আছে ৩২ বছৰীয়া ঋতিকা, ৩৭ বছৰীয়া ৱানিয়ামবাডীৰ মহম্মদ ফিৰোজ, এছইটিচিৰ বাছ চালক কে এলুমালাই আৰু চিত্তুৰৰ বি অজিত আৰু অম্নিবাছ চালক এন চৈয়দ।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *