দক্ষিণ এছীয় ছুটি ছবি মহোৎসৱলৈ নিৰ্বাচিত আৰক্ষী বিষয়া পাৰ্থসাৰথি মহন্তৰ ছবি ‘লাচিত-দ্য ৱাৰিয়ৰ’

অসমীয়া ছবিৰ সুদিন ঘূৰি অহাৰ এই সোণোৱালী সময়ত দেশে-বিদেশে প্ৰশংসিত আৰু চৰ্চিত হৈছে বহুকেইখন অসমীয়া চুটি ছবি আৰু তথ‍্যচিত্ৰ। আৰক্ষী বিষয়া পাৰ্থ সাৰথি মহন্তৰ পৰিচালিত-‘লাচিত-দ্য ৱাৰিয়ৰ’ তথ‍্য চিত্ৰখনে ষষ্ঠ দক্ষিণ এছীয় চুটি ছবি মহোৎসৱলৈ নিৰ্বাচিত হৈছে।

ব‍্যস্ত কৰ্মজীৱনৰ সমান্তৰালভাৱে সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত মহন্তৰ এই তথ‍্যচিত্ৰখনে ইতিমধ‍্যে জয়পুৰ ফিল্ম ফেষ্টিভেলত শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰাৰ লগতে শ্ৰেষ্ঠ তথ‍্যচিত্ৰৰ বঁটাও লাভ কৰিছিল।

অন‍্যহাতে, মুম্বাইত অলপতে অনুষ্ঠিত নৰ্থ ইষ্ট ফিল্ম ফেষ্টিভেলতো ‘লাচিত -দ্য ৱাৰিয়ৰ’–এ অফিচিয়েল চিলেকচনৰ তালিকাত অন্তভুক্ত হৈছিল।

উল্লেখযোগ‍্য যে ৩ জুলাইৰ পৰা ৮ জুলাইলৈ কলকাতাৰ নন্দন ফিল্ম চেণ্টাৰত অনুষ্ঠিত হ’বলগা ৬ষ্ঠ দক্ষিণ এছীয় চুটি ছবি মহোৎসৱত প্ৰদৰ্শিত হ’ব ‘লাচিত-দ্য ৱাৰিয়ৰ’।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *