কোকা-কোলা কোম্পানীৰ অধীনৰ আইকনিক হোমগ্ৰাউন পানীয় ব্ৰেণ্ড থামছ আপে “থামছ আপ উথা, ইণ্ডিয়া ইণ্ডিয়া মচা” অভিযানৰ শুভাৰম্ভৰ জৰিয়তে আইচিচি পুৰুষ ক্ৰিকেট বিশ্বকাপৰ সৈতে সম্পৰ্কিত পৰৱৰ্তী অধ্যায় উন্মোচন কৰি আনন্দিত হৈছে। এই অভিযানে আগন্তুক বিশ্বকাপৰ বাবে আমাৰ খেলুৱৈসকলৰ অদম্য দৃঢ়তাক গৌৰৱেৰে আলোকপাত উজ্জ্বল কৰি তুলিছে, যিয়ে অনুৰাগীসকলক ভাৰতৰ বিজয়ৰ যাত্ৰাত বিশ্বাস কৰিবলৈ প্ৰেৰণা যোগাব আৰু অনুপ্ৰাণিচ কৰিব বুলি আশা কৰিছে।
এই ছবিখনত ৰবীন্দ্ৰ জাদেজা, যশপ্ৰীত বুমৰাহ, মহম্মদ চিৰাজ আৰু ৰোহিত শৰ্মাৰ দৰে ক্ৰিকেট তাৰকাসকলে ভাৰতবাসীক টীম ইণ্ডিয়াত বিশ্বাস কৰাই দিয়াৰ লক্ষ্যৰে এক অভিযানত অভিনয় কৰিছে। এই অভিযানৰ মূল কথাটো হ’ল ইয়াৰ অনন্য কাহিনী সদৰি কৰা, য’ত শ্বাহৰুখ খানক ‘বিশ্বাসৰ কণ্ঠ’ হিচাপে দেখুওৱা হৈছে। এই আখ্যানে ভাৰতীয় ক্ৰিকেট অনুৰাগীসকলৰ আৱেগক অন্বেষণ কৰে, লগতে আৱেগিক হৃদয় আৰু চিন্তাশীল মনৰ মাজত গতিশীল পাৰস্পৰিক ক্ৰিয়া কঢ়িয়াই আনে।
আইচিচি বিশ্বকাপ অভিযানৰ পৰৱৰ্তী অধ্যায়ৰ আৰম্ভণি সন্দৰ্ভত মন্তব্য কৰি কোকা-কোলা ইণ্ডিয়া আৰু দক্ষিণ পশ্চিম এছিয়াৰ মাৰ্কেটিং শাখাৰ ভাইচ প্ৰেচিডেণ্ট অৰ্ণৱ ৰয়ে কয় যে, “আমি প্ৰযুক্তিৰ নেতৃত্বৰে বিশেষজ্ঞ পেনেল আৰু বিশ্বাসযোগ্য প্ৰভাৱশালী লোকসকলৰ পৰা বাস্তৱ সময়ৰ সঁহাৰিৰ জৰিয়তে এই কাম কৰিম, যিয়ে সকলোকে আমাৰ দলৰ বাবে গুৰুত্ব প্ৰদান কৰিবলৈ যাতে উৎসাহিত কৰে।”