ফিটনেছৰ কাৰণত বেডমিণ্টন এছ’চিয়েশ্যন অৱ ইণ্ডিয়াৰ (বিএআই) বাছনি পৰীক্ষণৰ শীৰ্ষ স্থানৰ পৰা আঁতৰি অহা সমীৰ বাৰ্মাই মঙলবাৰে কয় যে তেওঁ কেইসপ্তাহমানৰ বাবে খেলপথাৰৰ বাহিৰত থাকিব আৰু থাইলেণ্ড অ’পেনৰ পৰা পুনৰ প্ৰত্যাৱৰ্তন কৰিব বিচাৰিব। সমীৰে ট্ৰাইলৰ সময়ত কয়; ‘মোৰ কঁকালৰ পেশী আৰু কান্ধতো কিছু সমস্যা আছে। এইটো গুৰুতৰ নহয়, কিন্তু মই কোনো ধৰণৰ বিপদাশংকা ল’ব বিচৰা নাই। প্ৰতিযোগিতাখন কঠিন যদিও ১০০ শতাংশ ফিট নহলে মেচখন জিকিব পৰা নাযায়।’ তেওঁ কয়, ‘মই কেইসপ্তাহমানৰ বিৰতি লম। থাইলেণ্ড অ’পেনত খেলিম বুলি আশা কৰিছোঁ।’ ভাৰতীয় দলটোৱে ২৬ এপ্ৰিলৰ পৰা আৰম্ভ হ’বলগীয়া এছিয়ান বেডমিণ্টন চেম্পিয়নশ্বিপত খেলিব আৰু তাৰ পিছত থমাছ আৰু উবেৰ কাপত (৮ ৰ পৰা ১৫ মে’, বেংকক) প্ৰতিদ্বন্দিতা কৰিব।
থাইলেণ্ড অ’পেন চুপাৰ ৫০০ টুৰ্ণামেণ্টখন ১৭ ৰ পৰা ২২ মে’লৈ বেংককত অনুষ্ঠিত হ’ব।