ভাৰতীয় দলৰ বাহিৰত থকা উইকেটকিপাৰ বেটছমেন ঋদ্ধিমান সাহাই ত্ৰিপুৰা ক্ৰিকেট দলত খেলুৱৈ-তথা-গাইড হিচাপে যোগদান কৰিব। ত্ৰিপুৰা ক্ৰিকেট এছ’চিয়েশ্যনৰ (টিচিএ) যুটীয়া সম্পাদক কিশোৰ দাসে এই বিষয়ে অৱগত কৰিছে। ভাৰতৰ হৈ ৪০ খন টেষ্ট খেলা অভিজ্ঞ সাহাই ইতিমধ্যে ক্ৰিকেট এছ’চিয়েচন অৱ বেংগলৰ (চিএবি) পৰা অনাপত্তি প্ৰমাণপত্ৰ (এনঅ’চি) লাভ কৰিছে। দাসে কয়, “আমি সাহাৰ সৈতে কথা পাতিছো আৰু তেওঁ ৰাজ্যখনৰ হৈ খেলিবলৈ সন্মত হৈছে। তেওঁ খেলুৱৈসকলক অনুপ্ৰাণিত কৰিবলৈ জ্যেষ্ঠ দলটোক পথ প্ৰদৰ্শন কৰাৰ ভূমিকাও পালন কৰিব।’ তেওঁ লগতে কয় যে টিচিএ আশাবাদী যে সাহাই ১৫ জুলাইৰ ভিতৰত চুক্তিত স্বাক্ষৰ কৰিব। তেওঁ কয় যে আন্তঃৰাষ্ট্ৰীয় আৰু ঘৰুৱা ক্ৰিকেটত সাহাৰ অভিজ্ঞতাৰ পৰিপ্ৰেক্ষিতত, যদি তেওঁ দলটোত যোগদান কৰে, ই খেলুৱৈসকলক যথেষ্ট উপকৃত কৰিব। তেওঁক অধিনায়ক কৰা হ’ব নে নহয় সেয়া এতিয়াও সিদ্ধান্ত লোৱা হোৱা নাই। এই সন্দৰ্ভত পিছত সিদ্ধান্ত লোৱা হ’ব। সাহাই ত্ৰিপুৰাৰ হৈ ৰঞ্জী ট্ৰফী আৰু বিজয় হাজাৰে ট্ৰফীত খেলিব বুলি আশা কৰা হৈছে। উল্লেখ্য যে অক্টোবৰত ৩৮ বছৰীয়া হোৱা সাহাই চিএবিৰ যুটীয়া সম্পাদক দেৱব্ৰত দাসে ৰাজ্যখনক ঘৰুৱা খেলৰ পৰা বাহিৰত থকাৰ অজুহাত দেখুৱাই থকাৰ অভিযোগ উত্থাপন কৰাৰ পিছত বংগ ত্যাগ কৰাৰ সিদ্ধান্ত লয়।