তোলনীয়া কন্যাক নিৰ্যাতন! পলাতক চিকিৎসক ডা০ সংগীতা দত্তক গ্ৰেপ্তাৰ আৰক্ষীৰ…

অসম আৰক্ষীয়ে শনিবাৰে শিশু নিৰ্যাতনৰ গোচৰত মেঘালয় সীমান্তৰ পৰা গুৱাহাটীৰ চিকিৎসক সংগীতা দত্তক গ্ৰেপ্তাৰ কৰে।

স্বামী ডাঃ ৱালিউল ইছলামৰ সৈতে ডাঃ সংগীতাই তেওঁলোকৰ তোলনীয়া কণমানি কন্যাক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছিল।

ইফালে ডাঃ সংগীতাই পলাতক হৈ মেঘালয়ৰ ৰিভয়ৰ উমছনিঙৰ এটা ঘৰত আত্মগোপন কৰি আছিল। কিন্তু আৰক্ষীয়ে তেওঁক বিচাৰি উলিয়াবলৈ সক্ষম হয় আৰু নিশা পল্টন বজাৰ থানালৈ লৈ আহে।

সংগীতাৰ স্বামী ডাঃ ৱালিউলক এই গোচৰৰ সন্দৰ্ভত পাঁচ দিন ধৰি আৰক্ষীয়ে আবদ্ধ কৰি ৰাখিছে। ইয়াৰ মাজতে এই গোচৰৰ সৈতে জড়িত বুলি অভিযোগ উত্থাপন কৰা কেয়াৰটেকাৰ লক্ষ্মী ৰায়ক আদালতে জিম্মাত লৈছে।

অভিযোগ অনুসৰি, ডাক্তৰ দম্পতীহালে দুষ্টামি কৰাৰ শাস্তি হিচাপে তীব্ৰ গৰমত নিজৰ তোলনীয়া কন্যাক এপাৰ্টমেন্টৰ ছাদত বান্ধি ৰাখিছিল।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *