উৰিষ্যাৰ পুৰীলৈ তীৰ্থ ভ্ৰমণৰ উদ্দেশ্যে গৈ কৰুণ মৃত্যুক সাৱটিলে অসমৰ এগৰাকী মহিলাই।
এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ মৃত্যু ঘটে অৰ্পনা দাস নামৰ উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰৰ নিৱাসী মহিলাগৰাকীৰ।
ইফালে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মৃতদেহ বিমানেৰে অনাৰ ব্যৱস্থা কৰা কৰা হয়।
আজি অৰ্পনা দাসৰ মৃতদেহ উত্তৰ গুৱাহাটী ৰজাদুৱাৰত উপস্থিত হোৱাৰ পাছতে এক শোকাকুল পৰিবেশৰ সৃষ্টি হয়।
উল্লেখ্য যোৱা ১৬ মাৰ্চত অৰ্পনা দাস সহযোগী সকলৰ সৈতে জগন্নাথ পুৰীলৈ গৈছিল।
উৰিষ্যাতে এনকেফেলাইটিচ ৰোগত আক্ৰান্ত হৈ ২৩ মাৰ্চত পুৰীৰ চিকিৎসালয়ত মৃত্যু হয় অৰ্পনা দাসৰ।