শিখ ধৰ্মৰ প্ৰৱৰ্তক তথা শিখৰ প্ৰথম গুৰু- গুৰু নানকৰ ৫৫৪ তম জন্ম- জয়ন্তী উৎসৱটো অতি উলহ মালহৰে গুৱাহাটী গুৰুদ্বাৰা প্ৰৱন্ধক কমিটীয়ে বৃহত্তৰ গুৱাহাটী শিখ সমাজৰ হৈ গোপীনাথ নগৰ গুৰুদ্বাৰাত অহা ২৫, ২৬ আৰু ২৭ নৱেম্বৰত তিনি দিনীয়া কাৰ্যসূচীৰে পালন কৰিবলৈ বিশাল আয়োজন কৰিছে। এই উদ্দেশ্যৰে যোৱা ৩ নবেম্বৰৰ পৰা ফাঁচী বজাৰ গুৰুদ্বাৰাত ১৩ টি পৱিত্ৰ – অখন্দ পাঠৰ প্ৰথমটি অখন্দ- পাঠ আৰম্ভ কৰি আজি তাৰিখলৈ দহটি অখন্দ – পাঠ সমাপ্ত কৰি এঘাৰ নম্বৰৰ অখন্দ পাঠ চলাই আছে। ২৫ নৱেম্বৰত বাৰ নম্বৰ অখন্দ পাঠৰ “ভোগ ” ফাচী বজাৰ গুৰুদ্বাৰাত পূৱা ৯ বজাত পৰাৰ পিছতেই সেই দিনাই পুৱা ১০ বজাৰ পৰা গুৰুদ্বাৰা গোপীনাথ নগৰত গুৰু নানক জয়ন্তীৰ উপলক্ষে শেষৰটো পবিত্ৰ অখন্দ – পাঠ আৰম্ভ হ’ব আৰু ২৭ নৱেম্বৰৰ পূৱা ১০ বজাত “ভোগ” পৰাৰ পিছতেই ১১ বজাৰ পৰা দুপৰীয়া ২ বজালৈকে ” বিশেষ ধাৰ্মিক – দিৱান “,কথা- কীৰ্তন , বক্তৃতা আদি চলিব। এই ধাৰ্মিক দিৱানত স্থানীয় তথা অমৃতসৰৰ পৰা অহা বহু সংখ্যক গুনী জ্ঞানী ব্যক্তিয়ে গুৰুজনাৰ জীৱন দৰ্শনৰ ওপৰত আলোকপাত কৰি কথা, কীৰ্তন , বক্তৃতা আৰু আলোচনাৰ মাজেৰে গুৰু জনালৈ শ্ৰদ্ধা নিবেদিব। দুপৰীয়া ১২ বজাৰ পৰা উপস্থিত সকলোৰে বাবে ” গুৰু – কা- লঙ্গৰৰ” বিশেষ ব্যৱস্থা কৰা হৈছে বুলি গুৰুদ্বাৰা প্ৰৱন্ধক কমিটীৰ সম্পাদক চৰ্দাৰ পৰমবীৰ সিংহই জনাইছে। জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি যোৱা ১৫ নৱেম্বৰৰ পৰা ২৫ নৱেম্বৰলৈ পুৱা ৪:৩০ বজাৰ পৰা ৬ বজালৈ “প্ৰভাত- ফেৰীৰ ” আয়োজন কৰিছে। ২৬ নৱেম্বৰ দেওবাৰে দুপৰীয়া ১২ বজাত ফাঁচী বজাৰ গুৰুদ্বাৰা পৰা” নগৰ – কীৰ্তন ” (বিশেষ ধৰ্মীয় – শোভাযাত্ৰা) উলিওৱা হ’ব বুলি সম্পাদকে জনাইছে। ২৫ আৰু ২৬ নৱেম্বৰৰ সন্ধিয়া ৬:৩০ বজাৰ পৰা ৰাতি ৮:৩০ বজালৈকে গোপীনাথ নগৰ গুৰুদ্বাৰাত “বিশেষ সন্ধিয়া – কীৰ্তনৰ” লগতে আটাইৰে বাবে দুয়ো ৰাতি গুৰু -কা -লঙ্গৰৰো ব্যৱস্থা কৰা হৈছে ।গুৰু নানকৰ ৫৫৪ তমৰ এই জন্ম- জয়ন্তীৰ উৎসৱটো সকলো প্ৰকাৰে সাফল্য – মন্দিত কৰি তুলিবলৈ বৃহত্তৰ গুৱাহাটীৰ সকলো ৰাইজকে উপস্থিত থাকিবলৈ ফাঁচী বজাৰ গুৰুদ্বাৰা প্ৰৱন্ধক কমিটীয়ে আন্তৰিকতাৰে অনুৰোধ জনাইছে। উল্লেখযোগ্য যে যোৱা বছৰৰ দৰে এই বাৰু প্ৰায় পোন্ধৰ হাজাৰৰ পৰা বিশ হাজাৰ মান শ্ৰদ্ধালুৰ এই জন্ম জয়ন্তীৰ দিনা গুৰুদ্বাৰাত আগমন ঘটিব বুলি গুৰুদ্বাৰা প্ৰৱন্ধক কমিটী ধাৰনা কৰি তাৰ সকলো ব্যৱস্থাও গ্ৰহণ কৰিছে। লগতে শিখ সমাজ (অসম)ৰ জ্যেষ্ঠ উপদেষ্টা এল পি সিংহ ই বিশ্ব গুৰু – গুৰু নানক দেৱজী ৰ ২৭ নৱেম্বৰত হ’বলগীয়া ৫৫৪ তম জন্ম – জয়ন্তী দিনটো এন আই এক্টৰ (N I Act) অধীনত বন্ধৰ দিন হিচাপে ঘোষণা কৰিবলৈ অনুৰোধ জনাইছে।
তিনিদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীত পালন হ’ব গুৰু নানকৰ ৫৫৪ তম জন্ম- জয়ন্তী
