তিনিচুকীয়া ধৰ্ষণ আৰু হত্যা গোচৰ! এমাহৰ ভিতৰত চাৰ্জশ্বিট দাখিল কৰিব আৰক্ষীয়ে…

তিনিচুকীয়া আৰক্ষী অধীক্ষক গৌৰৱ অভিজিত দিলিপে মাৰ্ঘেৰিটা ধৰ্ষণ আৰু হত্যাকাণ্ডৰ গোচৰত এমাহৰ ভিতৰত অভিযোগনামা দাখিল কৰাৰ আশ্বাস দিছে। ইয়াৰ উপৰিও শীৰ্ষ জিলা আৰক্ষী বিষয়াগৰাকীয়ে ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তেও কাৰ্য্যবিধি গ্ৰহণ কৰাৰ প্ৰতিশ্ৰুতি দিছে।

তিনিচুকীয়া আৰক্ষীয়ে এই ধৰ্ষণ আৰু হত্যাৰ অভিযোগত অধিক লোক জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে। মাৰ্ঘেৰিটা ধৰ্ষণ আৰু হত্যাৰ গোচৰৰ অভিযুক্ত অনন তাঁতীৰ ভৰিত গুলীৰ আঘাত পোৱাৰ বাবে উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে।

ইয়াৰ পূৰ্বে তিনিচুকীয়া আৰক্ষীয়ে মাৰ্ঘেৰিটাৰ জয়নগৰত থকা চেপ্টিক টেংকৰ পৰা এগৰাকী ভুক্তভোগী কিশোৰীৰ মৃতদেহ উদ্ধাৰ কৰিছিল। ইয়াৰ পিছতে মাৰ্ঘেৰিটা আৰক্ষীয়ে অভিযানৰ অন্তত ধৰ্ষণ আৰু হত্যাৰ গোচৰৰ অভিযুক্ত অনন তাঁতীক গ্ৰেপ্তাৰ কৰে। আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, অসম-অৰুণাচল প্ৰদেশ সীমান্তৰ সমীপৰ দেওমালি অঞ্চলত আত্মগোপন কৰি আছিল তাঁতী।

অৱশ্যে যোৱা ৪ মে’ৰ সন্ধিয়া অৰুণাচল প্ৰদেশৰ পৰা মাৰ্ঘেৰিটা থানালৈ নিয়াৰ সময়ত তাঁতীয়ে তেওঁলোকৰ জিম্মাত পৰা পলায়নৰ চেষ্টা চলোৱাৰ পিছতে আৰক্ষী জোৱানসকলে গুলীচালনা কৰাত আহত হয়।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *