তামিলনাডুৰ ফটকা কাৰখানাত বিধ্বংসী অগ্নিকাণ্ড, ৯ জনৰ মৃত্যু…

তামিলনাডুৰ পিটিআই জিলাত সোমবাৰে (৯ অক্টোবৰ) এটা ফটকা কাৰখানাত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত ৯ জন লোকৰ মৃত্যু ঘটে। ৰাজ্যৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে এই দুৰ্ঘটনাত শোক প্ৰকাশ কৰি নিহতৰ পৰিয়ালক আৰ্থিক ক্ষতিপূৰণ প্ৰদানৰ কথা ঘোষণা কৰিছে।

অগ্নিকাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই যদিও আৰিয়ালুৰ জিলাৰ বিৰাগলুৰ ​​গাঁৱত অৱস্থিত এটা ব্যক্তিগত কাৰখানাত সংঘটিত হৈছে এই ঘটনা। মুখ্যমন্ত্ৰী ষ্টেলিনে কয় যে ৫জন আহত লোকক থাঞ্জাভুৰ মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰি বিশেষ চিকিৎসা সেৱা প্ৰদান কৰা হৈছে।

ক্ষতিপূৰণ ঘোষণা মুখ্যমন্ত্ৰীৰ

উদ্ধাৰ আৰু সাহায্যৰ কাম ক্ষিপ্ৰ কৰাৰ বাবে মুখ্যমন্ত্ৰী ষ্টেলিনে তেওঁৰ কেবিনেট মন্ত্ৰী এছ এছ শিৱশংকৰ আৰু চি ভি গণেশনক ঘটনাস্থলীলৈ প্ৰেৰণ কৰা বুলি জানিবলৈ দিয়ে। প্ৰত্যেকজন মৃতকৰ পৰিয়াললৈ ৩ লাখ টকাকৈ, গুৰুতৰভাৱে আহতক ১ লাখ টকা আৰু মধ্যমীয়া আঘাতপ্ৰাপ্ত লোকক ৫০ হাজাৰ টকাকৈ এককালীন সাহায্য প্ৰদানৰ ঘোষণা কৰিছে ষ্টেলিনে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *