উত্তৰ-পূব ভাৰতত প্ৰথমবাৰৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত সফল ক্ৰুচিয়েট ৰিটেইনিং ৰবটিক টোটেল নী ৰিপ্লেচমেণ্ট(আঁঠু প্ৰতিস্থাপন)ৰ জৰিয়তে ৫৪ বছৰীয়া এজন ৰোগীক আজীৱন এক নতুন বিষ-মুক্ত জীৱন প্ৰদান কৰিছে। দিল্লী-এনচিআৰৰ ফৰিদাবাদৰ ছেক্টৰ ৮ৰ সৰ্বোদয় হাস্পতালত বিশ্বৰ প্ৰথমটো চেণ্টাৰ ফৰ চিআৰ ৰবটিক নি ৰিপ্লেচমেণ্ট বিভাগৰ বিভাগীয় প্ৰধান আৰু সঞ্চালক তথা বিশ্বব্যাপী প্ৰসিদ্ধ লিমকা বুক অৱ ৰেকৰ্ডছত নাম লিপিবদ্ধ থকা ডাঃ সুজয় ভট্টাচাৰ্জীয়ে এই অস্ত্ৰোপচাৰ সম্পন্ন কৰে। এজন স্থানীয় ৰোগীয়ে কেইবামাহো ধৰি আঁঠুৰ তীব্ৰ বিষত ভুগি আছিল। খোজ কঢ়া আৰু ঘৰুৱা মৌলিক কামবোৰ কৰাতো অসুবিধা হৈছিল যাৰ বাবে তেওঁক সোঁ আঁঠুত নি ট্ৰান্সপ্লাণ্ট বা আঁঠু সংৰোপণৰ পৰামৰ্শ দিয়া হৈছিল। ২০,০০০ৰো অধিক গাঁঠি সলনি(জইণ্ট ৰিপ্লেচমেণ্ট) কৰাৰ অভিজ্ঞতাৰে পুষ্ট ডাঃ সুজয় ভট্টাচাৰ্জীয়ে বিপ্লৱৰ সূচনা কৰা কিউভিচ জইণ্ট ৰিপ্লেচমেণ্ট ৰবটৰ সহায় লৈ এই অস্ত্ৰোপচাৰ সম্পন্ন কৰে।
এই অস্ত্ৰোপচাৰৰ বিষয়ে ব্যাখ্যা কৰি ডাঃ সুজয় ভট্টাচাৰ্যই কয় যে, “ৰোগীৰ সোঁ আঁঠুৰ ক্ৰমান্বয়ে অৱনতি ঘটিছিল আৰু অস্ত্ৰোপচাৰ জৰুৰী আছিল। সেয়েহে আমি ৰবটিক আঁঠু সলনি(নি ৰিপ্লেচমেণ্ট) কৰাৰ সিদ্ধান্ত লৈছিলোঁ। স্কেনিঙৰ পিছত আকাংক্ষিত হাড় কটা আৰু ইমপ্লাণ্টৰ আকাৰ ৰবটটোত খাপ খুৱাই দিয়া হৈছিল, যিয়ে হাড়ৰ কটাবোৰ অতি নিখুঁতভাৱে পৰিচালনা কৰিছিল, যাৰ ফলত ত্ৰুটিৰ সম্ভাৱনা হ্ৰাস হৈছিল। আমি ৰোগীজনৰ পিছফালৰ আঁঠুৰ লিগামেণ্ট (ক্ৰুচিয়েট) ধৰি ৰাখিবলৈ সক্ষম হৈছিলোঁ, অন্যথা পৰম্পৰাগত পদ্ধতিৰে এয়া সম্ভৱ নাছিল।” লিগামেণ্ট প্ৰিজাৰ্ভেচনে ৰোগীক আঁঠুৰ দৰে স্বাভাৱিক অনুভৱ প্ৰদান কৰে, যাৰ ফলত ৰোগীয়ে পাহৰি যায় যে তেওঁলোকে আঁঠুৰ সংৰোপণৰ সৈতে জীয়াই আছে, যি ধাৰণাক ‘ফৰগটেন নি বা পাহৰি যোৱা আঁঠু’ বুলি কোৱা হয়। দিল্লী এনচিআৰৰ ফৰিদাবাদৰ সৰ্বোদয় হাস্পতাল হৈছে উত্তৰ ভাৰতৰ প্ৰথমখন চিকিৎসালয়, যিয়ে বৈপ্লৱিক কিউভিচ ৰবটৰ সহায়ত চিআৰ ৰবটিক আঁঠু ৰিপ্লেচমেণ্টৰ জৰিয়তে ২,০০০ৰো অধিক ৰোগীক আৰোগ্য কৰি তুলিছে।
ডাঃ সুজয় ভট্টাচাৰ্যই লগতে কয় যে, “ৰোগীসকলে অস্ত্ৰোপচাৰৰ কেইঘণ্টামানৰ ভিতৰতে খোজ কাঢ়িবলৈ সক্ষম হৈছে আৰু এতিয়া প্ৰাথমিক নিয়মীয়া কাম-কাজসমূহ হেঁচামুক্তভাৱে কৰিব পাৰিব। গতানুগতিক বা পৰম্পৰাগত পদ্ধতিতকৈ ৰবটৰ সহায়ত অস্ত্ৰোপচাৰৰ যথেষ্ট সুবিধা আছে। ইয়াত অন্তৰ্ভুক্ত থাকে ইমপ্লাণ্ট অৱস্থানৰ অধিক শুদ্ধতা আৰু নিখুঁততা, হাড় আৰু ৰক্তক্ষৰণ কম হয় আৰু লিগামেণ্ট প্ৰিজাৰ্ভেচনৰ ক্ষেত্ৰতো মানুহৰ ত্ৰুটি বা কোমল-কলা(ছফ্ট টিচ্যু)ৰ আঘাতৰ সম্ভাৱনা যথেষ্ট কম হয়। অস্ত্ৰোপচাৰৰ ফলত এই শুদ্ধতা আৰু অধিক হয় আৰু বিষ হ্ৰাস হোৱাৰ লগতে ৰোগীৰ দ্ৰুত পুনৰ্সংস্থাপন আৰু চলাচল নিশ্চিত হয়।” ৰবটিক জইণ্ট ৰিপ্লেচমেণ্টে এক সক্ৰিয় জীৱনশৈলী নিশ্চিত কৰে, যাৰ ফলত ৰোগীয়ে মজিয়াত ভৰি দুখন মেৰিয়াই বহি থকাৰ পৰা আৰম্ভ কৰি নিজাববীয়াকৈ চিৰি বগাই যোৱালৈকে, কোনো ধৰণৰ সহায় নোহোৱাকৈয়ে বিভিন্ন ধৰণৰ গতিবিধি বা কাম-কাজ অথবা চলা-ফুৰা কৰিব পাৰে। উত্তৰ-পূবত প্ৰথমবাৰৰ বাবে এই বৈপ্লৱিক কৌশল প্ৰদৰ্শন কৰি উত্তৰ-পূবৰ চিকিৎসা সম্প্ৰদায়ত চিকিৎসক ডাঃ সুজয় আৰু সৰ্বোদয় চিকিৎসালয়ে পৰিৱৰ্তনৰ এক নতুন যুগৰ সূচনা কৰিছে। সৰ্বোদয় হেল্থকেয়াৰৰ অধ্যক্ষ ডাঃ ৰাকেশ গুপ্তাই ড০ সুজয়ক অভিনন্দন জনাই কয় যে, “আমি সকলোৰে বাবে সুস্বাস্থ্য নিশ্চিত কৰাৰ লক্ষ্যৰে ৩২ বছৰ পূৰ্বে সৰ্বোদয় স্বাস্থ্যসেৱা স্থাপন কৰিছিলোঁ। আমি বিশ্ব মানদণ্ডৰ পেছাদাৰী আৰু কাৰিকৰী পদ্ধতিসমূহ অন্তৰ্ভুক্ত কৰি মানুহক চিকিৎসাৰ সুবিধা আৰু গ্লবেল ষ্টেণ্ডাৰ্ড প্ৰদান কৰিবলৈ চেষ্টা কৰি যাম আৰু মানুহক সুস্থ আৰু আৰোগ্য লাভত সহায় কৰিম।”